সাতবিহুৰ চতুৰ্থ দিন আজি তাঁতৰ বিহু হিচাপে উদযাপন
গোলাঘাট, ১৬ এপ্ৰিল (হি স)। অসমীয়াৰ জাতীয় উৎসৱ বহাগ বিহুৰ আজি সাতবিহুৰ চতুৰ্থ দিন ৷ আজিৰ দিনটো প্ৰতি
তাঁত শালৰ পূজা


গোলাঘাট, ১৬ এপ্ৰিল (হি স)। অসমীয়াৰ জাতীয় উৎসৱ বহাগ বিহুৰ আজি সাতবিহুৰ চতুৰ্থ দিন ৷ আজিৰ দিনটো প্ৰতিজন অসমীয়াই উদযাপন কৰে তাঁতৰ বিহু হিচাবে ৷ অসমীয়া জনজীৱনৰ অতিকৈ আদৰৰ সম্পদ ‘তাঁতশাল’। সেয়েহে অসমীয়া নৱবৰ্ষৰ তৃতীয় দিনা ‘তাঁতৰ বিহু’ উদযাপন কৰে প্ৰতিজন অসমীয়াই ৷

আজিৰ দিনটোত বোৱনীসকলে তাঁতশালৰ সজুঁলি সমূহ ভালকৈ মছি-কাছি বান্ধি ওপৰত উঠাই লয় আৰু শালৰ কাম কৰিবলৈ সাজু হয়। কাজিৰঙাৰ হস্ততাত শিল্প পৰ্যটন গাঁৱৰ প্ৰতিগৰাকী শিপিনীয়ে পৰম্পৰা ৰক্ষা কৰি পালন কৰিছে তাঁতৰ বিহু । প্ৰতিখন ঘৰতে প্ৰতিগৰাকী শিপিনীয়ে নিজৰ নিজৰ তাঁতশাল সমূহক লৈ ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে ৷

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande