কানত ৪৮ বছৰৰ পাছত স্মিতা পাটিলৰ ছবি 'মন্থন'ৰ প্ৰিমিয়াৰ, বিগবিৰ আনন্দ প্ৰকাশ
ভাৰতীয় মনোৰঞ্জন জগতৰ জনপ্ৰিয় আৰু সন্মানীয় নাম স্মিতা পাটিল। আজিও স্মিতা পাটিলৰ নাম উলিয়ালে মনলৈ
 স্মিতা পাটিল


ভাৰতীয় মনোৰঞ্জন জগতৰ জনপ্ৰিয় আৰু সন্মানীয় নাম স্মিতা পাটিল। আজিও স্মিতা পাটিলৰ নাম উলিয়ালে মনলৈ আহে তেওঁৰ আত্মাস্পৰ্শী এহাল নেত্ৰ আৰু উৎকৃষ্ট অভিনয়। অনুৰাগীৰ মনত আছে স্মিতা পাটিলৰ বহু ছবি। স্মিতাৰ অনুৰাগীৰ বাবে এটা ভাল খবৰ যে ৪৮ বছৰৰ পাছত কান চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হ’ব স্মিতাৰ বিখ্যাত ছবিখন। এই সন্দৰ্ভত অমিতাভে সুখ প্ৰকাশ কৰে।

কান চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হ’ব স্মিতা পাটিলৰ ছবি ‘মন্থন’। শ্যাম বেনেগালৰ পৰিচালনাত নিৰ্মিত মন্থন ছবিখন ১৯৭৬ চনৰ শ্ৰেষ্ঠ ছবিৰ ভিতৰত গণ্য কৰা হয়। এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল স্মিতা পাটিলে। ইয়াৰ উপৰিও নাছিৰুদ্দিন শ্বাহ, ওম পুৰীৰ দৰে প্ৰবীণ অভিনেতাকো এই ছবিখনত দেখা গৈছিল। স্মিতাৰ ছবি ‘মন্থন’ অন্যতম বিখ্যাত ছবি। এই ছবিখনৰ বাবে গুজৰাটৰ প্ৰায় ৫ লাখ কৃষকে ২ টকাকৈ বৰঙণি আগবঢ়ায়।

অমিতাভ বচ্চনে এই সন্দৰ্ভত তথ্য পোৱাৰ লগে লগে টুইটাৰ যোগে সুখ প্ৰকাশ কৰে। 'মন্থন'ৰ পোষ্টাৰ শ্বেয়াৰ কৰি অমিতাভে লিখিছে, ফিল্ম হেৰিটেজ ফাউণ্ডেচনে একেৰাহে তৃতীয় বছৰৰ বাবে কান চলচ্চিত্ৰ মহোৎসৱত ছবিখন প্ৰদৰ্শনৰ সুযোগ পোৱাটো অতি গৌৰৱৰ বিষয়। এইবাৰ কান চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হ’ব শ্যাম বেনেগালৰ ছবি ‘মন্থন’। ভাৰতৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ ঐতিহ্য সংৰক্ষণ আৰু এই ছবিসমূহ বিশ্বৰ আগত প্ৰদৰ্শনৰ বাবে স্মিতা পাটিল আৰু অন্যান্য শিল্পীসকলে যি কাম কৰিছে সেয়া আচৰিত।”

হিন্দুস্থান সমাচাৰ/লোকেশ/মনোজ


 rajesh pande