কপিল শৰ্মাৰ এই অনুষ্ঠানত আৱেগিক হৈ পৰিছিল ছানী দেওল আৰু ববি দেউল
কমেডিয়ান কপিল শৰ্মাৰ ‘দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব’ই শেহতীয়াকৈ নেটফ্লিক্সত দৰ্শক লাভ কৰিবলৈ আৰম্ভ
ছানী–ববি–কপিল


কমেডিয়ান কপিল শৰ্মাৰ ‘দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব’ই শেহতীয়াকৈ নেটফ্লিক্সত দৰ্শক লাভ কৰিবলৈ আৰম্ভ কৰিছে। শ্ব’টোৰ নতুন খণ্ডটোত দেখা গ’ল ছানি দেউল আৰু ববি দেউলক। শ্ব’ৰ সময়ত কপিল শৰ্মাই দেওল ভাতৃদ্বয়ৰ সৈতে বহুত ৰং ধেমালি কৰিছিল। বহুতো আমোদজনক কাহিনীও শ্বেয়াৰ কৰা হৈছিল। অৱশ্যে শ্ব’ৰ সময়ত দুয়োজন ভাতৃয়ে কথা পাতি আৱেগিক হৈ পৰা দেখা গৈছিল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ইয়াৰ কিছু বিশেষ ভিডিঅ’ পোহৰলৈ আহিছে। ইয়াৰে এটা ভিডিঅ’ত চানি দেউলৰ কথাত ববি দেউলৰ চকুৰ পৰা চকুলো ওলোৱা দেখা গৈছে। এই উপলক্ষে ছানী দেউলে কয়, ‘মোৰ পিতৃ ধৰ্মেন্দ্ৰ ১৯৬০ চনৰ পৰাই এই উদ্যোগত জড়িত হৈ আছে। ববি আৰু মইও শিৰোনামত আছো। এই সময়ছোৱাত জীৱনত বহু কথা আহিছিল আৰু গৈছিল যদিও কিছুমান কাৰ্য ভালকৈ চলিব পৰা নাছিল। মোৰ ল’ৰাৰ বিয়া আৰু এগৰাকী কন্যাৰ আগমনৰ পাছত ঘৰৰ পৰিবেশ সম্পূর্ণৰূপে সলনি হৈছে৷ আমি ৰাইজৰ পৰা মৰম পাই আছো। তাৰ পাছত ‘গদৰ-২’ আহিল আৰু তাৰ আগতেই পাপাৰ এখন ছবি আহিল ৷ তাৰ পিছত ববীৰ ছবিখন আহিল আৰু সকলো ছুপাৰহিট হৈ পৰিল। আৱেগিক হৈ ছানীয়ে আৰু ক’লে, “মই মানুহৰ পৰা ইমান মৰম পাইছো... মই নাজানিছিলো কি হৈছে... যেন হঠাতে ভগৱান আবিৰ্ভাৱ হৈছে।” এই আলোচনাৰ সময়ত ববি আৰু ছানীয়ে চকুৰ পৰা চকুলো মচিলে আৰু হাঁহিলে।

হিন্দুস্থান সমাচাৰ/লোকেশ/মনোজ


 rajesh pande