টাইটানিক ছবিখনত কেপ্তেইন এডৱাৰ্ডৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা বাৰ্নাৰ্ড হিলৰ মৃত্যু
মুম্বাই, ০৬ মে’ (হি.স.)। ‘টাইটানিক’ আৰু ‘লৰ্ড অৱ দ্য ৰিংছ’ৰ দৰে ব্লকবাষ্টাৰ আৰু বঁটা বিজয়ী ছবিত অভি
বাৰ্নাৰ্ড হিল


মুম্বাই, ০৬ মে’ (হি.স.)। ‘টাইটানিক’ আৰু ‘লৰ্ড অৱ দ্য ৰিংছ’ৰ দৰে ব্লকবাষ্টাৰ আৰু বঁটা বিজয়ী ছবিত অভিনয়ৰ চাপ এৰি যোৱা বিখ্যাত অভিনেতা বাৰ্নাৰ্ড হিলৰ মৃত্যু হৈছে। ৭৯ বছৰ বয়সত তেওঁ শেষ উশাহ লৈছিল। বাৰ্নাৰ্ড হিলৰ মৃত্যুৱে তেওঁৰ অনুৰাগীক স্তম্ভিত কৰি তুলিছে। অভিনেত্ৰী তথা বাৰ্নাৰ্ড হিলৰ সহ অভিনেতা বাৰবাৰা ডিক্সনে তেওঁৰ মৃত্যুৰ সবিশেষ শ্বেয়াৰ কৰিছে।

অভিনেত্ৰী বাৰবাৰাই টুইট কৰি কয়, ‘অতি দুখেৰে বাৰ্নাৰ্ড হিলৰ মৃত্যুৰ কথা ঘোষণা কৰিছো। ১৯৭৪ চনত আমি একেলগে উইলি ৰাছেলৰ শ্ব’ ‘জন পল জৰ্জ ৰিংগো এণ্ড বাৰ্ট’ত কাম কৰিছিলো। তেওঁ আছিল এজন আচৰিত অভিনেতা, তেওঁৰ সৈতে কাম কৰাটো এক সন্মানৰ কথা আছিল। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক।’

বাৰ্নাৰ্ড হিলৰ মৃত্যুৰ সঠিক কাৰণ বুজিব পৰা নাছিল। অৱশ্যে এক প্ৰতিবেদন অনুসৰি ৫ মে’ দেওবাৰে বাৰ্নাৰ্ড হিলৰ মৃত্যু হয়। তেওঁৰ অনুৰাগীসকলেও বাৰ্নাৰ্ড হিলৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। বহু ব্যৱহাৰকাৰীয়ে তেওঁৰ অভিনয় দক্ষতাক প্ৰশংসা কৰিছে। অভিনয়ৰ সূক্ষ্মতাবোৰ তেওঁ কেনেকৈ জানিছিল সেই কথা বহুতে উল্লেখ কৰিছে।

উল্লেখযোগ্য যে ১৯৯৭ চনত কেট উইন্সলেট আৰু লিঅ’নাৰ্ডো ডিকেপ্ৰিঅ’ অভিনীত অস্কাৰ বিজয়ী ছবি টাইটানিকত বাৰ্নাৰ্ডে কেপ্তেইন এডৱাৰ্ড স্মিথৰ চৰিত্ৰত অভিনয় কৰিছিল। এই ভূমিকাৰ বাবে আজিও তেওঁৰ শলাগ লোৱা হয়। তেওঁ ‘দ্য লৰ্ড অৱ দ্য ৰিংছ’ত ৰজা থিয়ডেনৰ চৰিত্ৰত অভিনয় কৰিছিল। বাৰ্নাৰ্ডে কেইবাটাও টিভি শ্ব’তো কাম কৰিছে। ১৯৮৩ চনত বয়ছ ফ্ৰম দ্য ব্লেকষ্টাফৰ শ্ব’ৰ বাবেও তেওঁ বাফটা বঁটা লাভ কৰে। বিবিচিৰ নাট্য ধাৰাবাহিক উলফ হল (২০১৫)তো তেওঁৰ স্মৰণীয় অভিনয় আছিল। ২০০৮ চনৰ ভেলকাইৰী আৰু ২০০২ চনৰ দ্য স্কোৰ্পিয়ন কিংত টম ক্ৰুজৰ সৈতেও অভিনয় কৰিছিল।

হিন্দুস্থান সমাচাৰ/লোকেশ/মনোজ


 rajesh pande