বিশিষ্ট আভিনেত্ৰী প্ৰস্তুতি পৰাশৰলৈ ধন্য নাৰী ধন্য বসুন্ধৰা সন্মান
নলবাৰী, ২৯ এপ্ৰিল (হি স)। মঞ্চ আৰু বোলছবি জগতৰ বিশিষ্ট অভিনেত্ৰী প্ৰস্তুতি পৰাশৰলৈ আগবঢ়োৱা হৈছে “ধন
প্ৰস্তুতি পৰাশৰ


নলবাৰী, ২৯ এপ্ৰিল (হি স)। মঞ্চ আৰু বোলছবি জগতৰ বিশিষ্ট অভিনেত্ৰী প্ৰস্তুতি পৰাশৰলৈ আগবঢ়োৱা হৈছে “ধন্য নাৰী ধন্য বসুন্ধৰা ” সন্মান ৷ মঞ্চ আৰু বোলছবি জগতৰ মোহময়ী অভিনেত্ৰী প্ৰস্তুতি পৰাশৰক তেওঁৰ অভিনয় প্ৰতিভা আৰু পৰিচালনা দক্ষতাৰ স্বীকৃতি স্বৰূপে এই সন্মান আগবঢ়াইছে নলবাৰী জিলাৰ হেলচাৰ নৱাৰুণ ক্লাৱে ৷

অভিনেত্ৰী গৰাকীক দেওবাৰে হেলচা নৱাৰুণ ক্লাৱৰ উদ্যোগত আয়োজন কৰা ৰঙালী বিহু উৎসৱত প্ৰদান কৰা হয় এই সন্মান । ধন্য নাৰী ধন্য বসুন্ধৰা বটা লাভ কৰি আনন্দিত হয় প্ৰস্তুতি পৰাশৰ । উক্ত বঁটা গ্ৰহণৰ পিছতে নাটকৰ সংলাপ আৰু বিহু নাচি দৰ্শকক আপ্লুত কৰে প্ৰস্তুতি পৰাশৰে । উল্লেখ্য যে দেওবাৰে পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষ ৰোপণৰ পিছতে খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ আবেলি নৱাৰুণ ক্লাৱৰ লগত জড়িত প্ৰয়াত ব্যক্তিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় ৷ সন্ধিয়া মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয় । জনপ্ৰিয় অভিনেতা নিৰ্মল দত্তই আতধৰা উক্ত অনুষ্ঠানটোত নৱাৰুণ ক্লাৱ আৰু বিহু উদযাপন সমিতিয়ে ৮ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্দ্ধনা জনোৱাৰ লগতে অভিনেত্ৰী গৰাকীক বটা প্ৰদান কৰা হয়।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande