এটা ইভেণ্টত পাপাৰাজীৰ কার্য দেখি অগ্নিশর্মা ৰণবীৰ কাপুৰ, ভিডিঅ' ভাইৰেল
নিতেশ তিৱাৰীৰ পৰিচালনাত নিৰ্মিত ‘ৰামায়ণ’ ছবিৰ বাবে অভিনেতা ৰণবীৰ কাপুৰে সম্প্ৰতি শিৰোনামা দখল কৰিছে
ৰণবীৰ কাপুৰ


নিতেশ তিৱাৰীৰ পৰিচালনাত নিৰ্মিত ‘ৰামায়ণ’ ছবিৰ বাবে অভিনেতা ৰণবীৰ কাপুৰে সম্প্ৰতি শিৰোনামা দখল কৰিছে। শনিবাৰে নিশা এখন গহণা বিপণী উদ্বোধন কৰিবলৈ আহিছিল ৰণবীৰ। ইয়াত ফটোগ্ৰাফাৰ পাপাৰাজীৰ একচন দেখি বিচলিত হৈ পৰিল ৰণবীৰ। ইফালে পাপাৰাজীয়ে তেওঁক ধমক দিবলৈ আৰম্ভ কৰে। পাপাৰাজীৰ কাৰ্য দেখি ৰণবীৰ অস্থিৰ হৈ পৰে।

এই ভিডিঅ'টো চাই নেটিজেন সকলো ক্ষুব্ধ হৈ পৰিছে। এজন নেটিজেনে লিখিছে, “এইটো কেনেকুৱা ভাষা। ৰণবীৰেও শুনি আচৰিত হ’ল।” আন এজন নেটিজেনে লিখিছে, ‘পাপাৰাজী দিনক দিনে অভদ্ৰ হৈ পৰিছে। আপত্তিজনক ভাষা ব্যৱহাৰ কৰাৰ বাবে তেওঁক শাস্তি দিয়া উচিত।” তৃতীয় এজন নেটিজেনে লিখিছে, “সময় আহিল। পাপাৰাজীৰ বাবে কঠোৰ নিয়মৰ প্ৰয়োজন। এবাৰ কেমেৰা হাতত আহি পৰিলে পাপাৰাজীৰ তৎ নোহোৱা হৈ পৰে। অনুশাসনৰ প্ৰয়োজন আছে।”

হিন্দুস্থান সমাচাৰ/লোকেশ/মনোজ


 rajesh pande