ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতেই ধিঙত স্প্ৰে চোৰৰ সন্ত্ৰাস
নগাঁও, ১৬ এপ্ৰিল (হি.স.): ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতেই ধিঙত স্প্ৰে চোৰে চলাইছে সন্ত্ৰাস । বিগত
ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতেই ধিঙত স্প্ৰে চোৰৰ সন্ত্ৰাস


নগাঁও, ১৬ এপ্ৰিল (হি.স.): ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতেই ধিঙত স্প্ৰে চোৰে চলাইছে সন্ত্ৰাস । বিগত কেইবামাহ ধৰি ধিঙৰ বহুকেইখন গাঁৱত ধাৰাবাহিকভাৱে সন্ত্ৰাস চলাইছে স্প্ৰে চোৰে । সোমবাৰৰ নিশাও ধিঙৰ আউনী আটি সত্ৰৰ নৰাম বৰা নামৰ লোকজনৰ ঘৰত সংঘটিত হয় স্প্ৰে চোৰৰ তাণ্ডৱ ।

চাৰিজনীয়া পৰিয়ালটিৰ আটাইকেইজন অচেতন অৱস্থাত উদ্ধাৰ কৰে ওচৰ চুবুৰীয়াই । তাৰ পাছতেই পৰিয়ালটোৰ আটাইকেইজনকে ১০৮ সহায়ত ধিং এফ আৰ ইউত ভৰ্তি কৰায় যদিও অৱস্থা অধিক অৱনতি ঘটাত নগাঁৱলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে । ধাৰাবাহিক ভাৱে সংঘটিত হৈ থকা এই স্প্ৰে চোৰৰ সন্ত্ৰাশ ৰোধ কৰাত চূড়ান্ত ভাৱে ব্যৰ্থ হোৱা ধিং আৰক্ষীক গৰিহণা দিছে সচেতন মহলে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande