ঘৰত গুলীচালনাৰ পিছত ছলমান খানে কমাব অনুৰাগীক সাক্ষাৎ কৰাৰ সময়
বলীউডৰ অভিনেতা ছলমান খানৰ ঘৰত সংঘটিত গুলীচালনাৰ ঘটনাৰ পিছতে নিৰাপত্তা বৃদ্ধি কৰা হৈছে। ইফালে ছলমান খ
ছলমান খান


বলীউডৰ অভিনেতা ছলমান খানৰ ঘৰত সংঘটিত গুলীচালনাৰ ঘটনাৰ পিছতে নিৰাপত্তা বৃদ্ধি কৰা হৈছে। ইফালে ছলমান খানে অনুৰাগীৰ সৈতে হোৱা সাক্ষাৎকাৰ কম কৰাৰ সিদ্ধান্ত লৈছে। তেওঁ কয় যে এতিয়া তেওঁৰ আৰু তেওঁৰ অনুৰাগীৰ মাজত হোৱা সাক্ষাৎকাৰ কম হ’ব। সকলোৱে জানে যে ছলমান এজন ফিটনেছ ফ্ৰিক। সেইবাবেই তেওঁ প্ৰায়ে মুম্বাইৰ বান্দ্ৰা অঞ্চলত ঘূৰি ফুৰে। তেওঁ গেলাক্সি এপাৰ্টমেণ্টৰ পৰা মেহবুব ষ্টুডিঅ’লৈ চাইকেল চলায়।

অৱশ্যে যোৱা কেইদিনমানৰ পৰা তেওঁক ভাবুকি দিয়া ফোন আৰু মেছেজ আহি আছে, গতিকে তেওঁৰ চাইকেল চলোৱা বা অকলে বাহিৰলৈ যোৱাটো কমিছে। এতিয়া তেওঁৰ ঘৰত গুলীচালনাৰ কাণ্ডৰ পিছত তেওঁ কিছুমান কঠিন সিদ্ধান্ত লৈছে য’ত বাহিৰত চাইকেল চলোৱা বন্ধ কৰা আৰু অনুৰাগীক সাক্ষাৎ কৰাও হ্ৰাস কৰা হৈছে। ইফালে ছলমানৰ ঘৰত নিৰাপত্তা বৃদ্ধি কৰা হৈছে। উল্লেখযোগ্য যে ২০২৩ চনৰ এপ্ৰিল মাহত ছলমান খানক মৃত্যুৰ ভাবুকি দিয়া হৈছিল। এই ভাবুকিৰ মাজতো তেওঁ বান্দ্ৰাৰ ৰাজপথত চাইকেল চলাই আছিল। অৱশ্যে পিছফালে নিৰাপত্তাৰক্ষীৰ বাহন আছিল। ৰাস্তাত চাইকেল চলাই থকা ছলমানক দেখি অনুৰাগীয়ে তেওঁৰ ভিডিঅ’ বনাবলৈ আৰম্ভ কৰে। ছলমানৰ দেহৰক্ষীয়ে ভিডিঅ’ শ্বুটিং কৰাত এজন অনুৰাগীক বাধা দিছিল। ছলমানৰ এই ভিডিঅ'টো বৰ্তমান পুনৰ চচিয়েল মিডিয়াত চৰ্চিত হৈছে।

হিন্দুস্থান সমাচাৰ/লোকেশ/মনোজ/অৰৱিন্দ


 rajesh pande