লাহৰিজানত পিষ্টল, এটা মেগজিন আৰু সজীৱ গুলী সহ আটক এজন
কাৰ্বি আংলং, ১৫ এপ্ৰিল (হি.স.): কাৰ্বি আংলং জিলাৰ খটখটি আৰক্ষীৰ অভিযানত যোৱাকালি দেওবাৰে নিশা অসম-ন
লাহৰিজানত পিষ্টল, এটা মেগজিন আৰু সজীৱ গুলী সহ আটক এজন


কাৰ্বি আংলং, ১৫ এপ্ৰিল (হি.স.): কাৰ্বি আংলং জিলাৰ খটখটি আৰক্ষীৰ অভিযানত যোৱাকালি দেওবাৰে নিশা অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত পিষ্টল, এটা মেগজিন আৰু সজীৱ গুলী সহ আটক হয় এজন লোক ।আৰক্ষীৰ এক গোপন খবৰৰ ভিত্তিত খটখটী থানাৰ অন্তৰ্গত লাহৰিজান দুদু কলনিৰ এটা ঘৰৰপৰা খটখটি আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে এটা পিষ্টল, এটা মেগজিনৰ লগতে তিনি জাই সজীৱ গুলী।

বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া ৰুস্তমৰাজ ব্ৰক্ষ্মৰ নেতৃত্বত খটখটী থানাৰ আৰক্ষী আৰু চি আৰ পি এফ বাহিনীৰ এটা দলে নিশা চলাইছিল উক্ত অভিযানটো। অভিযান কালত আৰক্ষীয়ে দুদু কলনিৰ জামাল উদ্দীনৰ পুত্ৰ আকবৰ আলি ( ২৩ )ক আটক কৰি অধিক তথ্য জানিবৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande