চিচিটিভিত বন্দী ছলমানৰ ঘৰৰ বাহিৰত গুলীচালনাকাৰী, বিষ্ণুই গেঙৰ সৈতে সংযোগ
মুম্বাই, ১৪ এপ্ৰিল (হি.স.)। চলচ্চিত্ৰ অভিনেতা ছলমান খানৰ বান্দ্ৰাৰ গেলাক্সি এপাৰ্টমেণ্টত গুলীচালনাৰ
সন্দেহযুক্ত ব্যক্তি


মুম্বাই, ১৪ এপ্ৰিল (হি.স.)। চলচ্চিত্ৰ অভিনেতা ছলমান খানৰ বান্দ্ৰাৰ গেলাক্সি এপাৰ্টমেণ্টত গুলীচালনাৰ গোচৰত আৰক্ষীয়ে এক গুৰুত্বপূৰ্ণ সূত্ৰ পাইছে। আৰক্ষীয়ে হাতত আহি পৰিছে চিচিটিভিৰ ফুটেজ, য’ত দুজন লোকে গুলীচালনা কৰা দেখা গৈছে। ইয়াৰে এজনক চিনাক্ত কৰা হৈছে, যিজন লৰেন্স বিষ্ণোই গেঙৰ শ্বুটাৰ।

আচলতে ১৪ এপ্ৰিলৰ পুৱাৰ ভাগত চলচ্চিত্ৰ অভিনেতা ছলমান খানৰ বান্দ্ৰা ঘৰত গুলীচালনা কৰা হৈছিল । ঘটনাৰ সময়ত ছলমানকে ধৰি সকলোৱে ঘৰৰ ভিতৰত আছিল যদিও কোনো লোক আহত হোৱা নাছিল। ছলমানৰ ঘৰৰ বাহিৰত নিৰাপত্তা বৃদ্ধি কৰাৰ লগতে অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। বান্দ্ৰা আৰক্ষীয়ে হত্যাৰ চেষ্টা আৰু অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু কৰিছে।

ঘটনা সন্দৰ্ভত সোমবাৰে জ’ন ৯ৰ উপ আৰক্ষী আয়ুক্ত ৰাজ তিলক ৰোশনে জনোৱা মতে, পুৱা প্ৰায় ৫ বজাত দুয়োজনে বাইকত আহি অভিনেতা ছলমান খানৰ ঘৰৰ বাহিৰত গুলীচালনা কৰি পলাই যায়। চাৰিৰ পৰা পাঁচটা ৰাউণ্ড গুলীচালনা কৰা হয়। তেওঁ কয় যে আমি এই বিষয়টোৰ তদন্তৰ বাবে ১৫টা আৰক্ষীৰ দল গঠন কৰিছো। আমি বিষয়টোৰ সকলো দিশৰ পৰা তদন্ত কৰি আছো। আমি অতি সোনকালে আক্ৰমণকাৰীক ধৰিম।

প্ৰতিবেদন অনুসৰি এজন আৰক্ষী বিষয়াই কয় যে চিচিটিভিৰ ফুটেজত দেখা গৈছে যে গুলীচালনা কৰা লোকসকলে কোনো ব্যক্তিৰ ওপৰত গুলীচালনা কৰা নাছিল যদিও শূণ্যলৈহে গুলীচালনা কৰিছিল। এই গুলীচালনা আক্ৰমণৰ বাবে কৰা হোৱা নাছিল বৰঞ্চ আতংক বিয়পাই বাৰ্তা প্ৰেৰণৰ বাবে কৰা হৈছিল। এই গোচৰৰ সৈতে জড়িত দুয়োকে চিচিটিভি কেমেৰাত বন্দী হৈছে। গভীৰ সন্ধিয়া আৰক্ষীয়ে এজন সন্দেহযুক্ত লোকক চিনাক্ত কৰে। তেওঁৰ নাম বিশাল ওৰফে কালু আৰু তেওঁ লৰেন্স বিষ্ণোই গেঙৰ শ্বুটাৰ। বিশাল গুৰগাঁৱৰ বাসিন্দা। তেওঁ ৰাজস্থানৰ গোদাৰা নামৰ এজন গেংষ্টাৰৰ বাবে কাম কৰে। মুছৱালাকে ধৰি কেইবাটাও হাই-প্ৰফাইল হত্যাকাণ্ডৰ সৈতে জড়িত থকা আৰু তেওঁ কানাডাত থকাতো খবৰ পোৱা গৈছে।

আৰক্ষীৰ মতে, বিশাল আৰু তেওঁৰ দুচকীয়া বাহন চলোৱা সহযোগীয়ে হয়তো যোৱা কেইদিনমানৰ পৰা ছলমান খানৰ ঘৰত ৰেইকি কৰিছিল। ইফালে, ঘটনাত ব্যৱহৃত বাইকখন পিছত এক কিলোমিটাৰ দূৰৈৰ এটা গীৰ্জাৰ সমীপত উদ্ধাৰ হয়। দুচকীয়া বাহনখন পানভেলৰ বাসিন্দাৰ নামত পঞ্জীয়ন কৰা হৈছে। বাইকখন চুৰি হৈছে নে নাই সেই তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

আৰক্ষীয়ে লাভ কৰা চিচিটিভি ফুটেজ অনুসৰি বাইকখনৰ পৰা নামি পিছত দুয়োজন সন্দেহযুক্ত লোকে কিছু সময় খোজকাঢ়ি গৈ তাৰ পিছত ৰিক্সা এখন লৈ বান্দ্ৰা ৰেলৱে ষ্টেচনলৈ যায়, য’ৰ পৰা উত্তৰ দিশলৈ যোৱা স্থানীয় ৰে’লত উঠে। আৰক্ষীয়ে সন্দেহ কৰিছে যে দুয়োজনেই হয়তো বাটত কাপোৰ সলনি কৰিছিল।

হিন্দুস্থান সমাচাৰ/লোকেশ/মনোজ


 rajesh pande