ফকিৰাগ্রামত আনন্দ উল্লাসৰে ৩৯ তম চড়কপূজা উদযাপন
কোকৰাঝাৰ, ১৪ এপ্ৰিল (হি.স.): কোকৰাঝাৰ জিলাৰ ফকিৰাগ্রাম আৰক্ষী চকী অন্তৰ্গত ফকিৰাগ্রামৰ ৰাভাপাড়াত ৩৯
চড়কপূজা


কোকৰাঝাৰ, ১৪ এপ্ৰিল (হি.স.): কোকৰাঝাৰ জিলাৰ ফকিৰাগ্রাম আৰক্ষী চকী অন্তৰ্গত ফকিৰাগ্রামৰ ৰাভাপাড়াত ৩৯ তম চড়ক পূজা উদযাপন কৰা হয়। হেঁপাহৰ ৰঙালী বিহুৰ আনন্দ উল্লাসত ৰাজ্যবাসী মতলীয়া হৈ থকাৰ সময়তে শনিবাৰে সন্ধিয়া গৰু বিহুৰ দিনা ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ লগত ফকিৰাগ্রামৰ ৰাভাপাড়াত উদযাপন কৰা হয় চড়ক পূজা ।

হিন্দু সম্প্ৰদায়ৰ একাংশ লোকে ধৰ্মীয় ৰীতি নীতিৰে উলহ মালহৰে উদযাপন কৰিলে চড়ক পূজা । অঞ্চলটোৰ সহস্ৰাধিক লোকে চড়কপূজাৰ আলৌকিক কাণ্ড উপভোগ কৰে । উল্লেখ্য় যে ফকিৰাগ্রামৰ ৰাভাপাড়াত যোৱা ১৯৮৬ চনৰ পৰা প্রতেক বছৰে আনন্দ উল্লাসৰে চড়ক পূজা উদযাপন কৰি অহা হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande