যাত্ৰী অসুস্থ-ইন্দোৰলৈ উভতিল পাটনাৰ পৰা আহমেদাবাদ অভিমুখী ইণ্ডিগো বিমান
নতুন দিল্লী, ২৯ মাৰ্চ (হি.স.)। যাত্ৰীৰ অসুস্থতাৰ বাবে আহমেদাবাদৰ পৰিৱৰ্তে মধ্যপ্ৰদেশৰ ইন্দোৰত অৱতৰণ
ইণ্ডিগো


নতুন দিল্লী, ২৯ মাৰ্চ (হি.স.)। যাত্ৰীৰ অসুস্থতাৰ বাবে আহমেদাবাদৰ পৰিৱৰ্তে মধ্যপ্ৰদেশৰ ইন্দোৰত অৱতৰণ কৰে ইণ্ডিগোৰ এখন বিমান। যাত্ৰীজনৰ সুস্থতাক অগ্ৰাধিকাৰ দি কেপ্তেইনে বিমানখন ইন্দোৰলৈ ঘূৰাই নিয়ে। জানিব পৰা মতে, যাত্ৰীজনক অৱতৰণ কৰাৰ পিছত চিকিৎসা কৰি আন এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

ইণ্ডিগ’ৰ বিমান ৬ই-১৭৮ শুকুৰবাৰে পাটনাৰ পৰা আহমেদাবাদলৈ উৰা মাৰিছিল বুলি ইণ্ডিগোৱে জানিবলৈ দিয়ে। কিন্তু, চিকিৎসাজনিত জৰুৰীকালীন অৱস্থাৰ বাবে বিমানখন ইন্দোৰলৈ ঘূৰোৱা (ডাইভাৰ্ট) হয়। ক্ৰু মেম্বাৰে অসুস্থ যাত্ৰীক সহায় কৰে। তেওঁৰ সুস্থতাৰ ওপৰত গুৰুত্ব দি কেপ্তেইনে বিমানখন ইন্দোৰলৈ লৈ যায়। আহি পোৱাৰ লগে লগে যাত্ৰীজনক চিকিৎসা কৰা হয়।

হিন্দুস্থান সমাচাৰ/ৰাকেশ/মনোজ


 rajesh pande