আজি গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহৰ ৰোড শ্ব', বৃহৎ পৰিসৰৰ প্ৰস্তুতি
গুৱাহাটী, ২৯ এপ্ৰিল (হি.স.)। আজি অসম ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। গুৱাহাটী লোকসভা স
অমিত শ্বাহ


গুৱাহাটী, ২৯ এপ্ৰিল (হি.স.)। আজি অসম ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ সমৰ্থনত তেওঁ ৰোড শ্ব’ অনুষ্ঠিত কৰিব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা, বিজেপিৰ প্ৰাৰ্থীৰ লগতে বিজেপিৰ বহু জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰিব এই ৰোড শ্ব’ত। ৰোড শ্ব’ৰ প্ৰস্তুতি বৃহৎ পৰিসৰত কৰা হৈছে।

চাইকেল ফেক্টৰীৰ পৰা লালা গণেশলৈকে লাখ লাখ সমৰ্থকৰ সৈতে ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰীগৰাকীয়ে। এই ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি যান-বাহন আৰক্ষীয়ে জাৰি কৰিছে বিশেষ নিৰ্দেশনা। দুপৰীয়া ১২ বজাৰ পৰা নিশা ৯ বজালৈ কাৰ্যকৰী হ’ব বিশেষ নিৰ্দেশনা। বহু পথত বাণিজ্যিক বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

জালুকবাৰীৰ ভিআইপি ফ্লাই অভাৰৰ পৰা ৰটাৰীলৈ যাতায়ত নিষিদ্ধ কৰা হৈছে। ডি জি ৰোড, এম জি ৰোড, আৰ কে বি ৰোড, এ কে আজাদ ৰোডতো কিছু নিষেধাজ্ঞা আৰোপ কৰা হৈছে। বি কে কাকতি পথতো বাণিজ্যিক বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই পথসমূহত লেহেমীয়া গতিৰ যান-বাহনৰ চলাচলতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অৱশ্যে জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত কোনো বাধা নাই।

হিন্দুস্থান সমাচাৰ/ শ্ৰীপ্ৰকাশ/মনোজ


 rajesh pande