আজি তেলেংগানাত নিৰ্বাচনী প্ৰচাৰ বিজেপিৰ সভাপতি নড্ডাৰ
নতুন দিল্লী, ২৯ এপ্ৰিল (হি.স)। ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই আজি তেলেংগানাত নি
নড্ডা


নতুন দিল্লী, ২৯ এপ্ৰিল (হি.স)। ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই আজি তেলেংগানাত নিৰ্বাচনী প্ৰচাৰ চলাব। দুটা ঠাইত ৰাজহুৱা সভা অনুষ্ঠিত কৰাৰ পিছত অৱশেষত তেওঁ ৰোড শ্ব’ অনুষ্ঠিত কৰিব। আজি অনুষ্ঠিত হ’বলগীয়া সভাপতি জে পি নড্ডাৰ নিৰ্বাচনী ভ্ৰমণৰ কাৰ্যসূচী বিজেপিৰ এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছে। সাধাৰণ নিৰ্বাচনত প্ৰধানমন্ত্ৰী মোডীয়ে ৪০০ অতিক্ৰম কৰাৰ সংকল্প পূৰণ কৰিবলৈ জনসাধাৰণক আহ্বান জনাব নড্ডাই।

বিজেপিৰ এক্স হেণ্ডেল অনুসৰি নড্ডাই প্ৰথমে কোঠাগুডেমৰ ভদ্ৰাদ্ৰীত প্ৰচাৰ চলাব। দিনৰ ১২.১৫ বজাত ইয়াৰ প্ৰকাশ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া বিজেপিৰ ৰাজহুৱা সভাত তেওঁ ভাষণ দিব। ইয়াৰ পিছত তেওঁ মেহবুবাবাদলৈ যাব। ইয়াত দিনৰ ১:৫৫ বজাত এন টি আৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ৰাজহুৱা সভাত তেওঁ ভাষণ দিব। ইয়াৰ পিছতে নড্ডাই মেডকল-মালকাজগিৰি জিলাত ৰোড শ্ব’ উলিয়াব। ৰোড শ্ব’ত অংশগ্ৰহণ কৰা বিজেপি নেতাৰ এই সমদল ভৱ্য আনন্দমৰ পৰা হনুমান মন্দিৰ নিজমপেটলৈ দূৰত্ব অতিক্ৰম কৰিব।

হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ


 rajesh pande