প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি সাংসদ ভি শ্ৰীনিবাস প্ৰসাদৰ বেংগালুৰুত শেষ নিশ্বাস ত্যাগ
বেংগালুৰু, ২৯ এপ্ৰিল (হি.স.)। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা চামৰাজনগৰৰ ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ
সাংসদ ভি শ্ৰীনিবাস প্ৰসাদ


বেংগালুৰু, ২৯ এপ্ৰিল (হি.স.)। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা চামৰাজনগৰৰ ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ ভি শ্ৰীনিবাস প্ৰসাদৰ দেওবাৰে নিশা ইয়াৰ ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় । যোৱা চাৰিদিন ধৰি আই চি ইউত ভৰ্তি হৈ আছিল শ্ৰীনিবাস প্ৰসাদ। ৭৬ বছৰ বয়সত তেওঁ শেষ উশাহ লৈছিল। বিজেপিৰ প্ৰবীণ নেতা ভি শ্ৰীনিবাসে চামৰাজনগৰ লোকসভাৰ আসনৰ পৰা ৭ বাৰকৈ জয়লাভ কৰে। তেওঁ দুবাৰকৈ ননজাংগুড বিধানসভাৰ আসনকো প্ৰতিনিধিত্ব কৰিছিল। তেওঁৰ মৃত্যুৰ কাৰণ বহু অংগ বিকল হোৱা বুলি উল্লেখ কৰা হৈছে। শেহতীয়াকৈ তেওঁ ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল।

পৰিয়ালৰ লোকে জনোৱা মতে, আজি শেষ দৰ্শনৰ বাবে ভি শ্ৰীনিবাস প্ৰসাদৰ পাৰ্থিৱ শৰীৰ মহীশূৰত থকা তেওঁৰ জয়লক্ষ্মীপুৰম বাসগৃহত ৰখা হ’ব। ২২ এপ্ৰিলত তেওঁক বেংগালুৰুৰ মণিপাল হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। ভি শ্ৰীনিবাস প্ৰসাদৰ জন্ম হৈছিল ১৯৪৭ চনৰ ৬ জুলাইত মহীশূৰৰ অশোকাপুৰমত। ১৯৭৪ চনৰ ১৭ মাৰ্চত কৃষ্ণৰাজ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত নিৰ্দলীয় হিচাপে জয়ী হৈ নিৰ্বাচনী ৰাজনীতিত প্ৰৱেশ কৰে। ১৯৭২ চনলৈকে তেওঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বেচ্ছাসেৱক হিচাপে থাকে। ইয়াৰ পিছত তেওঁ জনসংঘ আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদত সক্ৰিয় হৈ থাকে। ইয়াৰ পিছত তেওঁ ৰাজনীতিত জপিয়াই পৰে।

হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ


 rajesh pande