'কেজৰিৱালক আশীৰ্বাদ', সুনীতাই আৰম্ভ কৰিলে এক নতুন অভিযান
নতুন দিল্লী, ২৯ মাৰ্চ (হি.স.)। আবকাৰী দুৰ্নীতিৰ গোচৰত আটখ হোৱা দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ
 সুনীতা


নতুন দিল্লী, ২৯ মাৰ্চ (হি.স.)। আবকাৰী দুৰ্নীতিৰ গোচৰত আটখ হোৱা দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালে ‘কেজৰিৱাল কো আশীৰ্বাদ’ৰ হোৱাটছএপ অভিযান আৰম্ভ কৰিছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালে শুকুৰবাৰে বিয়লি ভিডিঅ’ বাৰ্তাযোগে জনসাধাৰণৰ বাবে এটা হোৱাটছএপ নম্বৰ মুকলি কৰে।

কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালে কয়, ...আজিৰ পৰা আমি এক অভিযান আৰম্ভ কৰিছো - কেজৰিৱাল কো আশীৰ্বাদ। এই নম্বৰত আপুনি কেজৰিৱাললৈ আশীৰ্বাদ আৰু প্ৰাৰ্থনা প্ৰেৰণ কৰিব পাৰে।

হিন্দুস্থান সমাচাৰ/ৰাকেশ/মনোজ


 rajesh pande