মণিপুৰত চাৰি ইউএনএলএফ (কে) উগ্ৰপন্থীসহ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ
ইম্ফল, ২৮ মাৰ্চ (হি স)। মণিপুৰত উগ্ৰপন্থী বিৰোধী অভিযান অব্য়াহত আছে। শেহতীয়াকৈ আৰক্ষীয়ে চলোৱা অভিযা
মণিপুৰত চাৰি ইউএনএলএফ (কে) উগ্ৰপন্থীসহ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ


ইম্ফল, ২৮ মাৰ্চ (হি স)। মণিপুৰত উগ্ৰপন্থী বিৰোধী অভিযান অব্য়াহত আছে। শেহতীয়াকৈ আৰক্ষীয়ে চলোৱা অভিযানত চাৰিজন কৈ উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে মণিপুৰ আৰক্ষীয়ে। বিষ্ণুপুৰ জিলাৰ আইভি ৰোডত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ইউএনএলএফ (কে)ৰ চাৰিজন উগ্ৰপন্থীক।

ধৃত উগ্ৰপন্থী কেইজন ক্ৰমে চালাম ৰমেশ্বৰ সিং (৪৮), টংব্ৰম জ্ঞানজিৎ সিং ওৰফে চিংলেন ছানা (৩৯), পুখৰেম ইংগোচা সিং (৪০) আৰু থকচোম টেম্বা ওৰফে ৱাখেইবা (৫০ ) বুলি আৰক্ষীয়ে সদৰি কৰে। উগ্ৰপন্থী কেইজনৰ পৰা - ৩ টা এছ এল আৰ ৰাইফল, ৪ টা খালী মেগজিন, ২০ ৰাউণ্ড সতেজ গুলি, ৭ টা মোবাইল ফোন,১ টা ৱাকি টকি চেট, ২ খন বাহন সহ অন্যান্য সামগ্ৰী জব্দ কৰিছে আৰক্ষীয়ে।

উল্লেখ্য় যে বিষ্ণুপুৰ জিলাৰ মইৰাং থোয়াৰ পৰা ট্ৰংলাওবিলৈ গৈ থকা সময়ত উগ্ৰপন্থী চাৰিজনক গ্ৰেপ্তাৰ কৰা হয়।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande