আজি উত্তৰ প্ৰদেশত অমিত শ্বাহৰ নিৰ্বাচনী প্ৰচাৰ
নতুন দিল্লী, ২৮ এপ্ৰিল (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্
অমিত শ্বাহ


নতুন দিল্লী, ২৮ এপ্ৰিল (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি উত্তৰ প্ৰদেশত নিৰ্বাচনী প্ৰচাৰ চলাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লোকসভা নিৰ্বাচনত ৪০০ অতিক্ৰম কৰাৰ সংকল্প পূৰণৰ অৰ্থে আজি উত্তৰ প্ৰদেশত তিনিখনকৈ ৰাজহুৱা সভাত বিজেপি আৰু প্ৰধানমন্ত্ৰী মোডীৰ হাত শক্তিশালী কৰিবলৈ জনসাধাৰণক আহ্বান জনাব অমিত শ্বাহে । ভাৰতীয় জনতা পাৰ্টিয়ে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ আজিৰ নিৰ্বাচনী ভ্ৰমণৰ কাৰ্যসূচী এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছে।

বিজেপিৰ এক্স হেণ্ডেল অনুসৰি, কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে দিনৰ ১২ বজাত ৰাজ্যখনৰ এটাৰ বাৰহ পত্থৰ ময়দানত আয়োজিত ৰাজহুৱা সভাত বিজেপি প্ৰাৰ্থীসকলক জয়ী কৰিবলৈ ভোটাৰসকলক অনুৰোধ জনাব। ইফালে উত্তৰ প্ৰদেশত আজি অমিত শ্বাহৰ দ্বিতীয়খন ৰাজহুৱা সভা দুপৰীয়া ১.৩০ বজাত মইনপুৰীৰ ডিপিএছ স্কুল খেলপথাৰত অনুষ্ঠিত হব। আনহাতে বিয়লি ৩ বজাত ইটৱা লোকসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত ইটৱাৰ নুমাইশ খেলপথাৰত আয়োজিত ৰাজহুৱা সভাত অমিত শ্বাহে জনসভাত অংশগ্ৰহণ কৰি বিজেপি তথা প্ৰধানমন্ত্ৰী মোডীৰ হাত শক্তিশালী কৰিবলৈ ৰাইজলৈ আহ্বান জনাব।

হিন্দুস্থান সমাচাৰ/মনোজ


 rajesh pande