আজি কৰ্ণাটকত প্ৰধানমন্ত্ৰী মোডীৰ চাৰিখনকৈ ৰাজহুৱা সভা
নতুন দিল্লী, ২৮ এপ্ৰিল (হি.স.)। লোকসভা নিৰ্বাচনত ৪০০ আসন অতিক্ৰম কৰাৰ সংকল্প পূৰণৰ লক্ষ্যৰে ভাৰতীয়
মোডী


নতুন দিল্লী, ২৮ এপ্ৰিল (হি.স.)। লোকসভা নিৰ্বাচনত ৪০০ আসন অতিক্ৰম কৰাৰ সংকল্প পূৰণৰ লক্ষ্যৰে ভাৰতীয় জনতা পাৰ্টিয়ে জোৰদাৰ অভিযান অব্যাহত ৰাখিছে। বিজেপিৰ শীৰ্ষ নেতা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত দৈনিক তীব্ৰ প্ৰচাৰ চলাই আহিছে। আজি প্ৰধানমন্ত্ৰীয়ে কৰ্ণাটকৰ চাৰিটা স্থানত ৰাজহুৱা সভাত ভাষণ দিব। ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষ প্ৰচাৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজিৰ নিৰ্বাচনী ভ্ৰমণৰ চমু সবিশেষ এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছে।

বিজেপিৰ এক্স হেণ্ডেল অনুসৰি আজি পুৱা ১১ বজাত কৰ্ণাটকৰ বেলগাভিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমখন ৰাজহুৱা সভাত ভাষণ দিব। ইয়াৰ পাছত প্ৰধানমন্ত্ৰী মোডীয়ে দিনৰ এক বজাত উত্তৰ কানাডাত আয়োজিত দ্বিতীয়খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। বিয়লি ৩ বজাত দেৱানগিৰিত আয়োজিত তৃতীয়খন আৰু বিয়লি ৫ বজাত বেল্লাৰীত আয়োজিত বিজেপিৰ চতুৰ্থখন বিশাল ৰাজহুৱা সভাত ভাষণ দিব। বিশ্লেষকসকলে কয় যে এইবাৰ প্ৰধানমন্ত্ৰীয়ে লোকসভা নিৰ্বাচনত ৪০০ অতিক্ৰম কৰাৰ সংকল্প পূৰণৰ বাবে দ্ৰুতগতিত আগবাঢ়িছে।

হিন্দুস্থান সমাচাৰ/মনোজ


 rajesh pande