সাহিত্য অকাডেমি তথ্যচিত্ৰৰ বাবে মণিপুৰী ৰাজ্যিক চলচ্চিত্ৰ বঁটা
নতুন দিল্লী, ২৭ এপ্ৰিল (হি.স.)। মণিপুৰৰ ৰাজ্যপাল অনুসুইয়া উইকে শনিবাৰে ইম্ফলত অনুষ্ঠিত এক অনুষ্ঠানত
বঁটা প্ৰদান


নতুন দিল্লী, ২৭ এপ্ৰিল (হি.স.)। মণিপুৰৰ ৰাজ্যপাল অনুসুইয়া উইকে শনিবাৰে ইম্ফলত অনুষ্ঠিত এক অনুষ্ঠানত ১৫ সংখ্যক মণিপুৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা বিতৰণ কৰে। সাহিত্য অকাডেমীৰ প্ৰযোজনা আৰু আৰিবাম স্যাম শৰ্মাৰ পৰিচালনাত নিৰ্মিত খুমান প্ৰকাশ সিং তথ্যচিত্ৰখনে ২০২৩ বৰ্ষৰ বাবে শ্ৰেষ্ঠ জীৱনী/কলা আৰু সাংস্কৃতিক চলচ্চিত্ৰ শিতানত ১৫ সংখ্যক মণিপুৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰে। এই পুৰস্কাৰ সাহিত্য অকাডেমীৰ সচিব ড০ কে. শ্ৰীনিবাসৰাৱে গ্ৰহণ কৰে।

ড° শ্ৰীনিবাসৰাৱে হিন্দুস্থান সমাচাৰক জনায় যে এই তথ্যচিত্ৰখন সাহিত্য অকাডেমীৰ ভাৰতীয় সাহিত্য সংগ্ৰহালয় প্ৰকল্পৰ অধীনত নিৰ্মিত ১৬৪ তম তথ্যচিত্ৰ। ১৯৯৭ চনত সাহিত্য অকাডেমীয়ে আৰম্ভ কৰা ভাৰতীয় সাহিত্যিক সংগ্ৰহালয় প্ৰকল্পৰ লক্ষ্য হৈছে গুৰুত্বপূৰ্ণ সাহিত্যিক আৰু সাহিত্যৰ সৈতে জড়িত মূল্যৱান সামগ্ৰী সংগ্ৰহ আৰু সংৰক্ষণ কৰাৰ লগতে অকাডেমীয়ে স্বীকৃত সকলো ভাষাৰ বিকাশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা বিশিষ্ট ভাৰতীয় লেখক আৰু পণ্ডিতসকলৰ ওপৰত তথ্যচিত্ৰ প্ৰস্তুত কৰা। এই উপলক্ষে মণিপুৰৰ মুখ্য সচিব ড০ বিনীত যোশীও উপস্থিত আছিল।

এই একাডেমীখনে এই পৰ্যন্ত অমৃতা প্ৰীতম, বিন্দা কৰণ্ডিকৰ, গোপালকৃষ্ণ আদিগা, ডি জয়কান্তন, ধৰ্মবীৰ ভাৰতী, মুল্ক ৰাজ আনন্দ, কুৰতুলেইন হাইদৰ, বৈকম মহম্মদ বছিৰ, ৰেহমান ৰহী, মহাস্বেতা দেৱী, এম কে বিনোদিনী, অশোক মিত্ৰাণ, নিৰ্মল বৰ্মা, মনোহৰ ৰায় সৰদেশাই, ৰাস্কিন বণ্ড আৰু চি নাৰায়ণ ৰেড্ডীসহ বিভিন্ন ভাৰতীয় লেখকৰ ওপৰত ১৬৯ খন তথ্যচিত্ৰ নিৰ্মাণ কৰিছে।

হিন্দুস্থান সমাচাৰ/পৱন কুমাৰ/মনোজ


 rajesh pande