চিজেআইলৈ অধিবক্তাৰ পত্ৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় - আনক ভয় খুওৱা-ধমক দিয়া কংগ্ৰেছৰ পুৰণি সংস্কৃতি
নতুন দিল্লী, ২৮ মাৰ্চ (হি.স.)। অধিবক্তাসকলে মুখ্য ন্যায়াধীশলৈ লিখা পত্ৰ সন্দৰ্ভত বৃহস্পতিবাৰে প্ৰধা
মোডী


নতুন দিল্লী, ২৮ মাৰ্চ (হি.স.)। অধিবক্তাসকলে মুখ্য ন্যায়াধীশলৈ লিখা পত্ৰ সন্দৰ্ভত বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আনক ভয় খুওৱা-দাবী ধমক দিয়াটো কংগ্ৰেছৰ পুৰণি সংস্কৃতি।

উচ্চতম ন্যায়ালয়ক ব্যৱস্থা ল’বলৈ আহ্বান জনাই ৬০০জন অধিবক্তাই দাখিল কৰা পত্ৰৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে এক্সত এটা পোষ্টত কয়, ‘আনক ভয় খুওৱা কংগ্ৰেছৰ পুৰণি সংস্কৃতি। মাত্ৰ ৫ দশকৰ আগতে তেওঁলোকে “কমিটেড ন্যায়পালিকা”ৰ আহ্বান জনাইছিল – তেওঁলোকে নিৰ্লজ্জভাৱে নিজৰ স্বাৰ্থৰ বাবে আনৰ পৰা প্ৰতিশ্ৰুতি বিচাৰে, কিন্তু ৰাষ্ট্ৰৰ প্ৰতি কোনো ধৰণৰ দায়বদ্ধতা এৰাই চলিছে। ১৪০ কোটি ভাৰতীয়ই তেওঁলোকক প্ৰত্যাখ্যান কৰাটো কোনো আচৰিত কথা নহয়।”

উল্লেখযোগ্য যে জ্যেষ্ঠ অধিবক্তা হৰিশ ছালভে, ভাৰতীয় বাৰ কাউন্সিলৰ অধ্যক্ষ মনন মিশ্ৰ, উচ্চতম ন্যায়ালয়ৰ উকীল সন্থাৰ সভাপতি আদিশ আগৰৱালাকে ধৰি ছশজন অধিবক্তাই মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়লৈ পত্ৰ লিখি ন্যায়পালিকাক বদনাম কৰিবলৈ ৰাজনৈতিক এজেণ্ডা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে।

পত্ৰখনত গভীৰ উদ্বেগ প্ৰকাশ কৰি স্বাক্ষৰকাৰীসকলে দাবী কৰে যে ৰাজনৈতিক বিষয়ত ন্যায়পালিকাৰ ওপৰত হেঁচা প্ৰয়োগ কৰা, ন্যায়িক প্ৰক্ৰিয়াক প্ৰভাৱিত কৰা আৰু আদালতৰ নিৰ্দেশ ভুৱা কৰিবলৈ অৰ্থহীন যুক্তি আগবঢ়োৱা হৈছে। ইয়াৰ বাবে নিয়মীয়া এজেণ্ডা চলোৱা হৈছে। চিঠিখনত কোৱা হৈছে যে এয়া গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি ভাবুকি।

‘ব্যক্তিগত আৰু ৰাজনৈতিক কাৰণত আদালতক দুৰ্বল আৰু হেতালি খেলাৰ’ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰি উচ্চতম ন্যায়ালয়ক ব্যৱস্থা ল’বলৈ আহ্বান জনায়।

হিন্দুস্থান সমাচাৰ/ সুশীল/মনোজ


 rajesh pande