প্ৰধানমন্ত্ৰী মোডী আৰু বিল গেটছৰ মাজত এআইৰ পৰা জলবায়ু পৰিৱৰ্তনলৈকে বিস্তৃত চৰ্চা
নতুন দিল্লী, ২৮ মাৰ্চ (হি.স.)। অলপতে মাইক্ৰ’ছফ্টৰ সহ-প্ৰতিষ্ঠাপক বিল গেটছে নতুন দিল্লীৰ প্ৰধানমন্ত্ৰ
মোডী আৰু বিল গেটছ


নতুন দিল্লী, ২৮ মাৰ্চ (হি.স.)। অলপতে মাইক্ৰ’ছফ্টৰ সহ-প্ৰতিষ্ঠাপক বিল গেটছে নতুন দিল্লীৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে। ইয়াৰ সময়ত দুয়োজনে কৃত্ৰিম বুদ্ধিমত্তা (এআই)ৰ পৰা আৰম্ভ কৰি ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি আৰু জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাৰ প্ৰচেষ্টাকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে গেটছক কয় যে প্ৰযুক্তিয়ে কেনেদৰে ভাৰতৰ কৃষি, শিক্ষা, স্বাস্থ্যসেৱা আৰু আন বহু খণ্ডত বৈপ্লৱিক পৰিৱৰ্তন আনিছে।

এই কথা-বতৰাৰ এটা প্ৰচাৰমূলক টিজাৰ বৃহস্পতিবাৰে মুকলি কৰা হয়। টিজাৰটোত বিল গেটছে বুজাইছে যে কেনেকৈ ভাৰতীয়সকলে কেৱল প্ৰযুক্তি গ্ৰহণ কৰাই নহয়, প্ৰকৃততে আগবাঢ়িছে। গেটছে কয় যে ভাৰতে উত্থাপন কৰা এটা বিষয়বস্তু হ’ল প্ৰযুক্তি সকলোৰে বাবে হ’ব লাগে।

এআইৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতত জন্ম হোৱা শিশুৱে ‘আই’ (মাতৃ) কথা কয় আৰু ‘এআই’ বুলিও কয়। প্ৰধানমন্ত্ৰীৰ নমো এপত থকা ফটো বুথ ব্যৱহাৰ কৰি চেলফি তুলিবলৈও মোদীয়ে গেটছক উৎসাহিত কৰে। প্ৰধানমন্ত্ৰীৰ অনুৰোধত বিল গেটছে যেতিয়া নমো এপত চেলফি তুলিছিল, তেতিয়া তেওঁ এপটোৰ সঁহাৰি দেখি আচৰিত হৈছিল। তেওঁ ক’লে যে এইটো আচৰিত কথা।

ইফালে বিল গেটছৰ সৈতে হোৱা বাৰ্তালাপত প্ৰধানমন্ত্ৰী মোদীয়েও কয় যে তেওঁৰ চৰকাৰে মহিলাৰ জীৱন উন্নত কৰাৰ বাবে কেনেদৰে প্ৰযুক্তি আনিছে। তেওঁ কয় যে চাইকেল চলাব নজনা মহিলাসকল আজি ড্ৰোন পাইলট হৈ পৰিছে। বিশেষকৈ গ্ৰাম্য অঞ্চলৰ মহিলাসকলৰ মাজত অৰ্থনৈতিক সৱলীকৰণ আৰু আৰ্থিক স্বায়ত্তশাসন প্ৰসাৰিত কৰাৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ অবিচ্ছেদ্য অংগ হৈছে নামো ড্ৰোন দিদিৰ পদক্ষেপ।

আলোচনাত ভাৰতৰ জলবায়ু প্ৰশমনৰ পদক্ষেপৰ কথাও উল্লেখ কৰা হয়। প্ৰধানমন্ত্ৰী মোদীয়ে গেটছক তেওঁ পিন্ধা জেকেটটো দেখুৱাইছিল, যিটো পুনঃব্যৱহৃত সামগ্ৰীৰে নিৰ্মিত।

হিন্দুস্থান সমাচাৰ/সুশীল/মনোজ


 rajesh pande