আজিৰে পৰা দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন প্ৰক্ৰিয়া
নতুন দিল্লী, ২৮ মাৰ্চ (হি.স.) । দ্বিতীয় পৰ্যায়ত অহা ২৬ এপ্ৰিলত অনুষ্ঠিত হবলগা লোকসভা নিৰ্বাচনৰ মনো
ইচি


নতুন দিল্লী, ২৮ মাৰ্চ (হি.স.) । দ্বিতীয় পৰ্যায়ত অহা ২৬ এপ্ৰিলত অনুষ্ঠিত হবলগা লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ পূৰণৰ প্ৰক্ৰিয়া আজিৰ পৰা (বৃহস্পতিবাৰ) আৰম্ভ হৈছে। ইয়াৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগে গেজেট অধিসূচনা জাৰি কৰে।

আয়োগে বুধবাৰে কৈছিল যে দ্বিতীয় পৰ্যায়ৰ সাধাৰণ নিৰ্বাচন-২০২৪ত ২৬ এপ্ৰিলত ১২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮৮খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। এই পৰ্যায়ত মণিপুৰৰ পৰা এখন আসনৰ উপৰিও অসম, বিহাৰ, ছত্তীশগড়, জম্মু-কাশ্মীৰ, কৰ্ণাটক, কেৰালা, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, ৰাজস্থান, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগ অন্তৰ্ভুক্ত কৰা হৈছে।

উল্লেখ্য যে দ্বিতীয় পৰ্যায়ত অসমত ৫টা সমষ্টিত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন। ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ক্ৰমে ডিফু, নগাঁও, দৰং-ওদালগুৰি, শিলচৰ আৰু কৰিমগঞ্জ সংসদীয় সমষ্টিত।

উল্লেখযোগ্য যে চলিত লোকসভাৰ কাৰ্যকাল ১৬ জুনত শেষ হ’ব। তাৰ আগতে নতুন লোকসভা গঠন কৰিব লাগিব। যোৱাবাৰ (২০১৯) ১০ মাৰ্চত লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা হৈছিল আৰু ১১ এপ্ৰিলৰ পৰা ১৯ মে’ৰ ভিতৰত সাতটা পৰ্যায়ত ভোটদান হৈছিল। ২৩ মে’ত কৰা হৈছিল ভোটগণনা।

হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ


 rajesh pande