১০ বছৰত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হ'ল মোডী চৰকাৰঃ মল্লিকাৰ্জুন খৰ্গে
গুৱাহাটী, ২৭ এপ্ৰিল (হি.স.)। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে কেন্দ্ৰত মোডী চৰকাৰৰ বিৰু
খৰ্গে


গুৱাহাটী, ২৭ এপ্ৰিল (হি.স.)। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে কেন্দ্ৰত মোডী চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে। খৰ্গে কয় যে কেন্দ্ৰৰ মোডী চৰকাৰ বিগত ১০ বছৰত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হৈছে। কংগ্ৰেছে মুদ্ৰাস্ফীতি, নিবনুৱা সমস্যা আৰু উন্নয়নৰ বাবে যুঁজ দি আহিছে যদিও বিজেপিয়ে এইবোৰ বিষয়ত পিঠি দিছে। আজি গুৱাহাটীত এই মন্তব্য কৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে।

কংগ্ৰেছৰ সভাপতি খৰ্গে শনিবাৰে গুৱাহাটীৰ বৰঝাৰৰ এখন হোটেলত সংবাদমেলযোগে কয় যে কৃষকৰ আয় দুগুণ কৰাত বিজেপি ব্যৰ্থ হৈছে। কৃষি আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত আৰোপ কৰা হৈছে জি এছ টি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লক্ষ্য কৰি খৰ্গে কয় যে তেওঁ সদায় সবকা সাথ, সবকা বিকাশৰ কথা কয়, কিন্তু উন্নয়ন বহু দূৰত।

লোকসভা নিৰ্বাচন সন্দৰ্ভত খৰ্গে কয় যে এই নিৰ্বাচন দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই নিৰ্বাচন ব্যক্তিগত নিৰ্বাচন নহয়। দেশৰ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ বাবে নিৰ্বাচন। খৰ্গে কয় যে কংগ্ৰেছে গণতন্ত্ৰ আৰু দেশৰ সংবিধান ৰক্ষাৰ বাবে যুঁজিছে। কংগ্ৰেছে ৰাইজক পাঁচ ন্যায় আৰু ২৫টা নিশ্চয়তা দিয়াৰ প্ৰতিশ্ৰুতি দিছে। এই সকলোবোৰ প্ৰতিশ্ৰুতি আৰু নিশ্চয়তা পূৰণ কৰাৰ সংকল্প ব্যক্ত কৰে।

সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ভাৰপ্ৰাপ্ত পদাধিকাৰী জিতেন্দ্ৰ সিং, ৰাজ্যসভাৰ সাংসদ ড০ নাছিৰ হুছেইন, কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰা, দেৱব্ৰত শইকীয়া আৰু গুৱাহাটীৰ পৰা দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ উপস্থিত থাকে।

ইয়াৰ পিছতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি খৰ্গেয়ে বৰপেটা সমষ্টিৰ পৰা দলৰ প্ৰাৰ্থী দ্বীপ বয়নৰ সমৰ্থনত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশ ল’বলৈ ভৱানীপুৰৰ সৰভোগৰ ফুলগুৰিত উপস্থিত হয়।

হিন্দুস্থান সমাচাৰ/শ্ৰী প্ৰকাশ/মনোজ


 rajesh pande