প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ পিছত গুৰুত্ব লাভ কৰিলে কংগ্ৰেছৰ ইস্তাহাৰ: চিদাম্বৰম
নতুন দিল্লী, ২৭ এপ্ৰিল (হি.স.)। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰমে
চিদাম্বৰম


নতুন দিল্লী, ২৭ এপ্ৰিল (হি.স.)। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰমে শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক দলৰ ইস্তাহাৰক অহৰহ সমালোচনা কৰাৰ বাবে কটাক্ষ কৰে। তেওঁ কয় যে প্ৰথম পৰ্যায়ৰ ভোটদানত তেওঁৰ পৰাজয় নিশ্চিত হোৱা দেখি মোদীয়ে কংগ্ৰেছৰ ইস্তাহাৰক গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে।

চিদাম্বৰমে কয় যে মোডীৰ ধাৰাবাহিক সমালোচনাৰ বাবে দলৰ ইস্তাহাৰৰ ওপৰত ব্যাপক চৰ্চা হৈছে আৰু দলৰ বাৰ্তা জনসাধাৰণৰ মাজলৈ গৈছে। ইয়াৰ বাবে কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰধানমন্ত্ৰী মোডীক ধন্যবাদ জ্ঞাপন কৰে।

কংগ্ৰেছ নেতাগৰাকীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এক পোষ্টত নিৰ্বাচনী প্ৰচাৰৰ প্ৰবাহ সলনি কৰাৰ বাবে প্ৰধানমন্ত্ৰীক কটাক্ষ কৰি কয় যে, ‘মোডী চৰকাৰ আৰু নাই। কিছুদিন বিজেপি চৰকাৰ আছিল। কালিৰ পৰা এয়া এন ডি এ চৰকাৰ। ১৯ এপ্ৰিলৰ পৰা হোৱা নাটকীয় পৰিৱৰ্তন লক্ষ্য কৰিছেনে? ৫ এপ্ৰিলৰ পৰা ১৯ এপ্ৰিলৰ ভিতৰত মোদীয়ে কংগ্ৰেছৰ ইস্তাহাৰক আওকাণ কৰিছিল। ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ অন্তত নতুন ৰূপ লাভ কৰিছে ইস্তাহাৰখনে। ধন্যবাদ প্ৰধানমন্ত্ৰী!”

কংগ্ৰেছৰ ইস্তাহাৰ সমিতিৰ অধ্যক্ষই আন এটা পোষ্টত কয়, ‘২৬ এপ্ৰিলত ভোটদান হোৱা ৰাজ্যসমূহৰ পৰা পোৱা খবৰ কংগ্ৰেছৰ বাবে অত্যন্ত উৎসাহজনক। কেৰালাৰ গৌৰৱৰ স্থান লাভ কৰিছে। ২০১৯ চনৰ উৎকৃষ্ট প্ৰদৰ্শন পুনৰাবৃত্তি কৰাৰ আশা কৰিছে ইউডিএফে। কালি কৰ্ণাটকৰ ১৪খন আসনত ভোটগ্ৰহণ কৰা হয়, ২০১৯ চনত কংগ্ৰেছে নিজৰ স্ক’ৰ ‘১’ৰ পৰা এইবাৰ যথেষ্ট উন্নত কৰিব। কংগ্ৰেছে ৰাজস্থানত বহু আসন লাভ কৰিব (বৰ্তমান ২৫খন আসন বিজেপিৰ দখলত) আৰু ভাল স্ক’ৰ লৈ উভতি আহিব।”

হিন্দুস্থান সমাচাৰ/ সুশীল/মনোজ


 rajesh pande