তামিলনাডুৰ ইৰোডৰ পৰা ডি এম কেৰ সাংসদ এ গণেশমূৰ্তিৰ মৃত্যু
চেন্নাই, ২৮ মাৰ্চ (হি.স.)। তামিলনাডুৰ প্ৰধান ৰাজনৈতিক দল দ্ৰাবিড় মুনেত্ৰ কাঝাগম (ডি এম কে)ৰ সাংসদ এ
এ গণেশমূৰ্তি


চেন্নাই, ২৮ মাৰ্চ (হি.স.)। তামিলনাডুৰ প্ৰধান ৰাজনৈতিক দল দ্ৰাবিড় মুনেত্ৰ কাঝাগম (ডি এম কে)ৰ সাংসদ এ. গণেশমূৰ্তিৰ হৃদযন্ত্ৰৰ বিকলতাৰ বাবে মৃত্যু হয়। পুৱা ৫:০৫ বজাত কইম্বাটুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ৭৭ বছৰীয়া গণেশমূৰ্তিয়ে। আত্মহত্যাৰ চেষ্টা কৰাৰ পিছত ২৪ মাৰ্চত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

খবৰ পোৱা গৈছে যে তেওঁ বিষ সেৱন কৰিছিল। প্ৰথমে তেওঁক ইৰোডৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাত প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰা হয় আৰু তাৰ পিছত কইম্বাটুৰৰ ব্যক্তিগত চিকিৎসালয়লৈ বদলি কৰা হয়। তেতিয়াৰ পৰাই তেওঁৰ অৱস্থা সংকটজনক হৈয়েই আছিল। তেওঁ তিনিবাৰকৈ লোকসভালৈ নিৰ্বাচিত হৈছিল। ডি এম কেৰ তৰফৰ পৰা সদৰি কৰামতে সাংসদগৰাকীৰ মৃতদেহটি ইৰোডৰ পেৰিয়াৰ নগৰত থকা বাসগৃহলৈ লৈ যোৱা হ’ব । ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে তেওঁক তাতেই ৰখা হ’ব।

হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ


 rajesh pande