লংগৰ হলৰ বাহিৰত দুই যুৱকৰ গুলীত নিহত ডেৰা কৰসেৱাৰ মুৰব্বী বাবা তাৰচেম সিং
-হত্যাকাণ্ডৰ পিছত অঞ্চলটোত উত্তেজনা ৰুদ্ৰপুৰ, ২৮ মাৰ্চ (হি.স.)। উত্তৰাখণ্ডৰ উধম সিং নগৰ জিলাৰ নানকম
বাবা তাৰচেম সিং


-হত্যাকাণ্ডৰ পিছত অঞ্চলটোত উত্তেজনা

ৰুদ্ৰপুৰ, ২৮ মাৰ্চ (হি.স.)। উত্তৰাখণ্ডৰ উধম সিং নগৰ জিলাৰ নানকমট্টা গুৰদ্বাৰা চাহাবত বৃহস্পতিবাৰে পুৱা ডেৰা কৰসেৱাৰ মুৰব্বী বাবা তাৰচেম সিঙক গুলীয়াই হত্যা কৰা হয়। এই ঘটনাৰ বাবে অঞ্চলটোত উত্তেজনা সৃষ্টি হৈছে। ঘটনাস্থলীত উপস্থিত হৈছে এছ এছ পি মঞ্জুনাথ টি চিৰ লগতে আন আন জ্যেষ্ঠ আৰক্ষী বিষয়া।

জানিব পৰা মতে, বাবা তাৰচেম সিঙে ৰাতিপুৱা প্ৰায় ৬:০০ বজাত গুৰুদ্বাৰাত প্ৰণাম জনাই লংগৰ হলৰ বাহিৰত বহি আছিল। তাৰ পিছতে বাইকত আৰোহী দুজন যুৱকে সেই স্থানত উপস্থিত হৈ তেওঁৰ ওপৰত গুলীচালনা আৰম্ভ কৰে। বাবাৰ পেট আৰু ডিঙিত কেইবাটাও গুলীয়ে আঘাত কৰে। ইয়াৰ পিছত আক্ৰমণকাৰীসকল পলায়ন কৰে। গুলীৰ শব্দ শুনাৰ লগে লগে সেৱকসকল আহি উপস্থিত হৈ বাবাক চিকিৎসাৰ বাবে খাতিমালৈ লৈ গ’ল। চিকিৎসকে বাবাক মৃত বুলি ঘোষণা কৰে। এই ঘটনাৰ বাবে সমগ্ৰ অঞ্চলটোত উত্তেজনা সৃষ্টি হৈছে। বাবাৰ হত্যাকাৰীক বিচাৰি আৰক্ষীয়ে অভিযান চলাইছে। নানকমত্তা গুৰদ্বাৰা চাহাব দেশ আৰু বিশ্বৰ ভিতৰতে বিখ্যাত।

হত্যাকাণ্ডৰ তদন্তৰ বাবে এছআইটি গঠন

ইফালে উত্তৰাখণ্ড আৰক্ষীয়ে নানকমত্তা গুৰদ্বাৰা চাহাব কৰ সেৱাৰ মুৰব্বী বাবা তাৰচেম সিঙৰ হত্যাকাণ্ডৰ তদন্তৰ বাবে এছআইটি গঠন কৰিছে। এই তথ্য ডেৰাডুনত উত্তৰাখণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান অভিনৱ কুমাৰে দিয়ে।

এই হত্যাকাণ্ড চিন্তাৰ বিষয় বুলিও তেওঁ কয়। স্থানত উপস্থিত থাকে জ্যেষ্ঠ বিষয়া। ঘটনাস্থলী পৰিদৰ্শন কৰা হৈছে। স্থানীয় জনসাধাৰণৰ সৈতেও আলোচনা অনুষ্ঠিত হ’ব। তদন্তৰ বাবে এছআইটি গঠন কৰা হৈছে । এই বিষয়টো অগ্ৰাধিকাৰ সাপেক্ষে তদন্ত কৰা হ’ব। কেন্দ্ৰীয় সংস্থাটোৰ সৈতেও যোগাযোগ কৰা হৈছে। শীঘ্ৰে গ্ৰেপ্তাৰ হ’ব অভিযুক্তক।

হিন্দুস্থান সমাচাৰ/ বিজয় আহুজা/মনোজ


 rajesh pande