গোলাঘাট জিলাৰ কমাৰগাঁৱত ভাওনাৰ আখৰাত ব্যস্ত এদল মহিলা
গোলাঘাট, ২৮ মাৰ্চ (হি স)। গোলাঘাট জিলাৰ কমাৰগাঁৱত এদল মহিলা সম্প্ৰতি ব্যস্ত হৈ আছে ভাওনাৰ আখৰাত । কো
ভাওনা–ফাইল ফটো


গোলাঘাট, ২৮ মাৰ্চ (হি স)। গোলাঘাট জিলাৰ কমাৰগাঁৱত এদল মহিলা সম্প্ৰতি ব্যস্ত হৈ আছে ভাওনাৰ আখৰাত । কোনোৱে যদি দিছে প্ৰৱেশৰ খোজ, কোনোৱে আওৰাইছে সংলাপ । কমাৰগাঁও আঞ্চলিক সমন্বয় গোষ্ঠীৰ প্ৰথম পদক্ষেপ হিচাপে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে বৰসবাহ আৰু মহিলা ভাওনা।

অহা ৩০ মাৰ্চত কমাৰগাঁৱৰ বছাপথাৰত অনুষ্ঠিত হ'ব মহিলাৰ ভাওনা । কমাৰগাঁও অঞ্চলৰ অৰ্ধশতাধিক মহিলাই প্ৰায় এমাহ ধৰি কৰিছে ভাওনাৰ আখৰা । মহাপুৰুষীয়া আৰ্হিৰ নাট “গান্ধাৰীৰ অভিশাপ” পৰিৱেশন কৰিব এইসকল মহিলাই । ঘৰুৱা জঞ্জালৰ পৰা আঁতৰি মহাপুৰুষীয়া কৃষ্টি-সংষ্কৃতিৰ সৈতে একাত্ম হ'বলৈ পাই আনন্দিত হৈ পৰিছে বোৱাৰীসকল । অঞ্চলটোৰ ৰাইজে অধীৰ অপেক্ষাৰে বাট চাইছে ভাওনাখনলৈ। অহা ৩০ মাৰ্চত ভাওনা চাবলৈ সকলোকে নিমন্ত্ৰণ জনাইছে মহিলা শিল্পীসকলে।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande