এইবছৰ মুক্তি পাব ববি দেউলৰ 'আশ্ৰম-৪' ৱেব ছিৰিজ
অভিনেতা ববি দেউলৰ ৱেব ছিৰিজ ‘আশ্ৰম’ পুনৰবাৰ বাতৰিৰ শিৰোনামাত আছে। 'কাশীপুৰৱালে বাবা নিৰালা' কেতিয়া
ববি দেউল


অভিনেতা ববি দেউলৰ ৱেব ছিৰিজ ‘আশ্ৰম’ পুনৰবাৰ বাতৰিৰ শিৰোনামাত আছে। 'কাশীপুৰৱালে বাবা নিৰালা' কেতিয়া দৰ্শকৰ মাজলৈ আহিব সেই বিষয়ে সকলোৰে কৌতুহল। ‘বাবা নিৰালাৰ সোঁহাতৰ মানুহ ‘ভোপা স্বামী’ ওৰফে চন্দন ৰয় সন্যালে ছেচেম্বৰ মাহত অ’টিটিত ‘আশ্ৰম-৪’ৰ প্ৰচাৰ কৰাৰ কথা ঘোষণা কৰিছে।

অভিনেতা চন্দন ৰয় সন্যালে সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত কয় যে মই য’তেই যাওঁ তাতেই মানুহে মোক আশ্ৰমৰ চতুৰ্থ ছিজনৰ বিষয়ে সুধিছে। চন্দনে কয় যে এই ৱেব ছিৰিজৰ শ্বুটিং সম্পূৰ্ণ হৈছে আৰু সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। তেওঁ কয় যে ডিছেম্বৰ মাহত অ’টিটিত প্ৰচাৰ হ’ব ‘আশ্ৰম-৪’ ৱেব ছিৰিজ। চন্দন ৰয় সন্যালে কয় যে যদিও এতিয়াও মুক্তিৰ তাৰিখ নিৰ্ধাৰণ হোৱা নাই, তথাপিও ৰাইজে ৱেব ছিৰিজ আশ্ৰমক অতি ভাল সঁহাৰি দিছে।

ববি দেউলে আশ্ৰম ৱেব ছিৰিজৰ জৰিয়তে অ’টিটিত অভিষেক ঘটায়। ববি দেউলৰ এই চৰিত্ৰটো মানুহে বৰ ভাল পাইছিল। এই ৱেব ধাৰাবাহিকখনৰ পৰিচালনা কৰিছে প্ৰকাশ ঝাই। ধাৰাবাহিকখনৰ প্ৰথম তিনিটা খণ্ডই দৰ্শকৰ পৰা ভাল সঁহাৰি লাভ কৰিছিল।

হিন্দুস্থান সমাচাৰ/লোকেশ চন্দ্ৰ/মনোজ


 rajesh pande