চিৰাং, ২৮ ডিচেম্বৰ (হি.স.)। শনিবাৰে এছটিএফে বাইখুনগাঁৱৰ এজন লোকে বন্যপ্ৰাণী চিকাৰ কৰি ছ’চিয়েল মিডিয়াত ভাইৰেল কৰাৰ তথ্য লাভ কৰে। ইয়াৰ পিছতে কাজলগাঁও আৰক্ষী থানাৰ অ’ চিয়ে কাজলগাঁও আৰক্ষীৰ দলৰ সৈতে এক অভিযান চলাই তিনিজন লোকক গ্ৰেপ্তাৰ কৰে। আটকাধীন অভিযুক্ত কেইজন হ’ল দিপাংকৰ বসুমতাৰী, স্বমদ্বম বসুমতাৰী আৰু বিলিপাং বসুমতাৰী।
আজি অসম আৰক্ষী মুখ্য কাৰ্যালয়ৰ পৰা জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে জেৰাৰ অন্তত অভিযুক্তৰ পৰা এটা এয়াৰ গান (চিএএল ৪.০১৭৭, ক্ৰমিক নম্বৰ বিএ০৫) আৰু এটা এয়াৰ গানৰ গুলী উদ্ধাৰ কৰা হৈছে। বিলিপাং বসুমতাৰীৰ ঘৰত বনমেকুৰী (চিভেট)ক হত্যা কৰা বুলি স্বীকাৰ কৰে দিপাংকৰ বসুমতাৰীয়ে।
ধৃত অভিযুক্ত আৰু জব্দ কৰা অস্ত্ৰ-শস্ত্ৰসমূহ অধিক আইনী ব্যৱস্থাৰ বাবে কাজলগাঁৱৰ বন বিভাগক গতাই দিয়া হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া