মৰিগাঁও, ২৭ ডিচেম্বৰ (হি.স.)। এক গোপন তথ্যৰ ভিত্তিত মৰিগাঁও জিলাৰ ভূৰাগাঁও থানাৰ আৰক্ষীয়ে ফালিহামাৰী পাম এলেকাত অভিযান চলাই এটা দেশত নিৰ্মিত পিষ্টল উদ্ধাৰ কৰে। ইয়াৰ মাজতে আবুল কালাম হক আৰু মাৰ্ফাজুল ইছলাম নামৰ দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়।
মৰিগাঁও আৰক্ষীয়ে এই কাৰ্যৰ তথ্য শুকুৰবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত শ্বেয়াৰ কৰে। আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া