দক্ষিণ শালমাৰা মানকাচৰ, ২৯ ডিচেম্বৰ (হি.স.): দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে নিৰন্তৰ অভিযান অব্য়াহত ৰাখিছে। শেহতীয়াকৈ শনিবাৰে খাৰুৱাবান্ধা আৰক্ষী চকীৰ অন্তৰ্গত ফেকামাৰী প্ৰথম খণ্ডত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ কৰা হৈছে। লগতে এই সন্দৰ্ভত এজন সৰবৰাহকাৰীক আটক কৰা হৈছে।
প্ৰাপ্ত তথ্য়মতে অভিযানত আৰক্ষীয়ে ১১৫২ টা নিচাজাতীয় টেবলেট, ১৫ টা ইয়াবা টেবলেট, এটা স্মাৰ্ট ফোন জব্দ কৰাৰ লগতে এজন সৰবৰাহকাৰী আটক কৰে। আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী জন ফেকামাৰী গাঁৱৰ আজাহাৰ আলীৰ পুত্ৰ আতাৰ চান আলী বুলি জানিব পৰা গৈছে।
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ নেতৃত্বত খাৰুৱাবান্ধা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গীতাৰ্থ চৌধুৰীৰ সৈতে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই এই বৃহৎ সফলতা লাভ কৰে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ