নৱবৰ্ষৰ প্ৰাক্ ক্ষণত যোগীঘোপাত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ
বঙাইগাঁও, ৩১ ডিছেম্বৰ (হি.স.)। নৱবৰ্ষৰ প্ৰাক্ ক্ষণত যোগীঘোপাত মাজনিশা বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰা হৈছে । বঙাইগাঁও জিলাৰ আয়ুক্ত নৱদ্বীপ পাঠকৰ নেতৃত্বত যোগীঘোপা আৰক্ষী আৰু আবকাৰী বিভাগৰ সহযোগত এই অভিযান চলোৱা হৈছিল। যোগীঘোপাৰ কচুদোলা গাঁৱত সো
নৱবৰ্ষৰ প্ৰাক্ ক্ষণত যোগীঘোপাত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ


বঙাইগাঁও, ৩১ ডিছেম্বৰ (হি.স.)। নৱবৰ্ষৰ প্ৰাক্ ক্ষণত যোগীঘোপাত মাজনিশা বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰা হৈছে । বঙাইগাঁও জিলাৰ আয়ুক্ত নৱদ্বীপ পাঠকৰ নেতৃত্বত যোগীঘোপা আৰক্ষী আৰু আবকাৰী বিভাগৰ সহযোগত এই অভিযান চলোৱা হৈছিল। যোগীঘোপাৰ কচুদোলা গাঁৱত সোমবাৰে নিশা এই অভিযান চলোৱা হয়। অভিযানত ১৬৮ কাৰ্টন বিলাতী সুৰা জব্দ কৰা হৈছে।

বিলাতী সুৰাৰ ট্ৰাক হাইজেক কৰি মজুত কৰি ৰখাৰ সন্দেহ কৰিছে আবকাৰী বিভাগে। এই সন্দৰ্ভত মোহন দাসক আটক কৰাৰ লগতে জতন দাস আৰু সুনিল দাস নামৰ আন দুজন পলাতক হৈ আছে।

বিলাতী সুৰা খিনি বজাৰ মূল্য দহ লাখতকৈ অধিক বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত আৰক্ষী আৰু আবকাৰী বিভাগৰ তদন্ত অব্যাহত আছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande