ডামাস্কাছ, ২৬ ডিচেম্বৰ (হি.স.)। এতিয়া ছিৰিয়াৰ সকলো সামৰিক বিদ্ৰোহী গোটে নিজৰ পাৰস্পৰিক মতানৈক্য পাহৰি আগ্ৰাসী নেতা আহমেদ অল-শ্বাৰাৰ নেতৃত্বত কাম কৰাৰ দিশত আগবাঢ়িছে। ক্ষমতাচ্য়ুত ৰাষ্ট্ৰপতি বাছাৰ অল অছদে ৰাছিয়ালৈ পলায়ন কৰাৰ পিছত অস্তিত্বলৈ অহা কেয়াৰটেকাৰ চৰকাৰখনৰো এই একেই প্ৰচেষ্টা। ২৫-২৬ ডিচেম্বৰত চৰকাৰী অনুষ্ঠান-প্রতিষ্ঠানসমূহত কাম-কাজ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ৷
ছিৰিয়াৰ আৰব নিউজ এজেন্সী (ছানা)ৰ বাতৰি অনুসৰি আহমেদ আল শ্বাৰাই দেওবাৰৰ পৰা আৰম্ভ কৰিছে এই ধাৰাবাহিক বৈঠক। তেওঁ নতুন সামৰিক প্ৰতিষ্ঠান (ৰক্ষা মন্ত্ৰালয়)ৰ স্বৰূপৰ বিষয়ে আলোচনা কৰিছে। আমেৰিকাৰ বাতৰি কাকত দ্য নিউয়ৰ্ক টাইমছৰ বাতৰিয়েও কয় যে ছিৰিয়াৰ নতুন নেতাসকলে বিদ্ৰোহী গোটসমূহক এটা মঞ্চত আনিবলৈ চেষ্টা কৰিছে। নতুন চুক্তিৰ অধীনত কেইবাটাও বিদ্ৰোহী সংগঠনে প্ৰতিৰক্ষা মন্ত্ৰালয়ত যোগদান কৰিবলৈ সন্মত হৈছে।
ছানা প্ৰতিবেদনৰ দ্বাৰা মুকলি কৰা ফটোখনত আহমেদ অল-শ্বাৰাই ডজন ডজন বিদ্ৰোহী গোটৰ নেতাৰ সৈতে সাক্ষাৎ কৰা দেখা গৈছে। হায়াত তাহৰিৰ আল শ্বামৰ নেতা আহমেদ আল শ্বাৰাইও এই বিষয়ত তুৰ্কীৰ বৈদেশিক মন্ত্ৰী হাকান ফিদানৰ সৈতে আলোচনা কৰিছে। উল্লেখযোগ্য যে হায়াত তাহৰিৰ অল ছামে অছদৰ শাসনক উৎখাত কৰাত মুখ্য ভূমিকা পালন কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া