জাপান এয়াৰলাইন্সত চাইবাৰ আক্ৰমণ, বিমান পলম, টিকট বিক্ৰী বন্ধ
টকিঅ’, ২৬ ডিচেম্বৰ (হি.স.)। জাপান এয়াৰলাইন্সৰ ওপৰত বৃহৎ চাইবাৰ আক্ৰমণ। ইয়াৰ ফলত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাত প্ৰভাৱ পৰিব পাৰে। জাপান এয়াৰলাইন্সে এই চাইবাৰ আক্ৰমণৰ কথা নিশ্চিত কৰিছে। জাপান এয়াৰলাইন্সে বৃহস্পতিবাৰে তেওঁলোকৰ চিষ্টেমসমূহত প
प्रतीकात्मक।


টকিঅ’, ২৬ ডিচেম্বৰ (হি.স.)। জাপান এয়াৰলাইন্সৰ ওপৰত বৃহৎ চাইবাৰ আক্ৰমণ। ইয়াৰ ফলত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাত প্ৰভাৱ পৰিব পাৰে। জাপান এয়াৰলাইন্সে এই চাইবাৰ আক্ৰমণৰ কথা নিশ্চিত কৰিছে।

জাপান এয়াৰলাইন্সে বৃহস্পতিবাৰে তেওঁলোকৰ চিষ্টেমসমূহত পুৱা চাইবাৰ আক্ৰমণ হোৱাৰ সদৰি কৰাৰ কথা দ্য জাপান টাইমছত প্ৰকাশ পাইছে। পুৱা ৮:৫৬ বজাত ধৰা পৰে। ইয়াৰ সমাধান বিচাৰি উলিয়াইছে কাৰিকৰী দলটোৱে। চাইবাৰ আক্ৰমণৰ খবৰ পোৱাৰ পিছতে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমান যাত্ৰাৰ টিকট বিক্ৰী সাময়িকভাৱে বন্ধ কৰি দিয়া হয়।

বিমান সংস্থাটোৱে টুইটাৰযোগে এক পোষ্টযোগে কয় যে, ইয়াৰ ফলত হোৱা অসুবিধাৰ বাবে আমি ক্ষমা বিচাৰিছো। জাপান ব্ৰডকাষ্টিং কৰ্প’ৰেশ্যনে জনোৱা মতে, হানেডা বিমানবন্দৰত প্ৰায় এক ডজন বিমান যাত্ৰা ৫০ মিনিট পৰ্যন্ত পলম হৈছিল। কোনো বিমান বাতিল কৰা হোৱা নাই। আন আন ঘৰুৱা বিমান সংস্থা এ এন এ, স্কাইমাৰ্ক, ছ’লেছিড এয়াৰ, এয়াৰ-ড’ আৰু ষ্টাৰফ্লাইয়াৰে সচৰাচৰৰ দৰেই কাম কৰি আছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande