ইছলামাবাদ, ২৬ ডিচেম্বৰ (হি.স.)। পাকিস্তান তেহৰিক-ই-ইনছাফ (পিটিআই)ৰ প্ৰতিষ্ঠাপক তথা উচ্ছেদ প্ৰধানমন্ত্ৰী ইমৰান খানৰ পত্নী বুছৰা বিবিক আজি ইয়াৰ স্থানীয় আদালতে বৃহৎ সকাহ প্ৰদান কৰে। ২৬ নৱেম্বৰৰ প্ৰতিবাদৰ সৈতে জড়িত গোচৰত আদালতে তেওঁক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে। এই তথ্য এআৰৱাই নিউজ চেনেলৰ বাতৰিত দিয়া হৈছে।
এ আৰ ৱাইৰ তথ্য অনুসৰি বুছৰা বিবিয়ে টাৰ্ণল থানাত ৰুজু হোৱা চাৰিটা গোচৰ আৰু ৰামনা থানাত ৰুজু হোৱা তিনিটা গোচৰৰ অন্তৱৰ্তীকালীন জামিনৰ বাবে অধিবক্তাৰ সৈতে জিলা আৰু অধিবেশন আদালতত হাজিৰ হয়। প্ৰতিটো গোচৰতে ৫০ হাজাৰ টকাৰ জামিন বণ্ডত আদালতে তেওঁৰ জামিন মঞ্জুৰ কৰে। অন্তৱৰ্তীকালীন জামিন আবেদনৰ শুনানি গ্ৰহণ কৰে কৰ্তব্য ন্যায়াধীশ শ্ববিৰ ভট্টীয়ে। ১৩ জানুৱাৰীলৈকে বুছৰা বিবিক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ২১ ডিচেম্বৰত ৰাৱালপিণ্ডিৰ সন্ত্ৰাসবাদ বিৰোধী আদালতে তেওঁক ৩২টা গোচৰত ১৩ জানুৱাৰীলৈকে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল। এই গোচৰসমূহ ৯ মে’ৰ হিংসাৰ সৈতে জড়িত।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া