শোণিতপুৰ, ২১ ডিচেম্বৰ (হি.স.)। কালি শোণিতপুৰৰ ঠেলামৰাত ট্ৰেংকুলাইজ কৰি চিকিৎসা কৰা বনৰীয়া হাতীজনীক আজি দিনত সোণাইৰূপাই অভয়াৰণ্যলৈ খেদি নিয়াৰ সময়ত বনকৰ্মীয়ে কৰা গুলীচালনাত তিনিজন লোক আহত হয়৷উল্লেখযোগ্য যে,আজি দুপৰীয়া প্ৰায় ডেৰবজাত এই ঘটনা সংঘটিত হয় মিছামাৰীৰ সমীপৱৰ্তী বাঁহবেৰাত৷কালি ঠেলামৰা ৰাজহচক্ৰৰ নবিলতে অসুস্থ তথা এটা চকুৰ দৃষ্টি শক্তি হেৰুউৱা হাতীজনীক ট্ৰেংকুইলাইজ কৰাৰ পিছত তাতে নিশাটো আছিল হাতীজনী৷
আজি পুৱাৰে পৰা পুনৰ ইফালেসিফালে ঘূৰি ফুৰা হাতীজনীক আজি বনকৰ্মীৰ দলে সোণৰূপাইলৈ ওভতাই পঠোৱাৰ চেষ্টা কৰে৷এই সময়তে বনকৰ্মীয়ে চলোৱা গুলীৰ আঘাটত আহত হয় বাঁহবেৰা অঞ্চলৰ ৰহিমা বেগম(৪০),হালিমা বেগম(৩২)আৰু ফকৰুদ্দিন(৪৫)৷ তিনিওজনে হাত,ভৰিত আঘাতপোৱাৰ বিপৰীতে আটাইকে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হয়৷সম্প্ৰতি তিনিওজন বিপদমুক্ত বুলি প্ৰকাশ কৰিছে চিকিৎসকে৷বনবিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি,শূণ্যলৈ চলোৱা ছেৰাগুলীৰ টুকুৰা পকী দেৱালত খুন্দাখাই লোক তিনিজনক আহত কৰে৷ইপিনে তেজপুৰৰ নিকটৱৰ্তী বিন্দুকুৰিত যোৱা নিশা ৰে’লবিভাগৰ এজন কৰ্মচাৰীক বনৰীয়া হাতীয়ে আক্ৰমণ কৰাত আহত লোকজনকো তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ