শোণিতপুৰ, ২১ডিচেম্বৰ (হি.স.)। কংগ্ৰেছ কৰ্মী মৃদুল ইছলামৰ হত্যাৰ প্ৰতিবাদত আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদ তথা মুক্তিৰ দাবীত আজি তেজপুৰতো শোণিতপুৰ জিলা কংগ্ৰেছ দলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে এই হত্যাকাণ্ডৰ ন্যায়িক তদন্ত দাবী কৰি ৰাজ্যপাললৈ জিলা আয়ুক্তৰ জৰিয়তে স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ উল্লেখযোগ্য যে, অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত ৰাজভৱনলৈ কৰা যাত্ৰাৰ কালত নিহত হোৱা আন্দোলনকাৰী কংগ্ৰেছ কৰ্মীজনৰ সোঁৱৰণত আজি তেজপুৰস্হিত শোণিতপুৰ জিলা কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি অনুস্থান তথা সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰা হয় ৷
জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতি, প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি মাধুৰ্য গোস্বামী, তত্বাবধায়ক সঞ্জু বৰুৱাৰ অংশগ্ৰহণৰে আজি পুৱা ১০-৪৫ৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছ কৰ্মী সকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হায় হায়, বিজেপিৰ হিটলাৰী শাসন নছলিব, মৃদুল ইছলাম হত্যাৰ বিচাৰ লাগে, ভূপেন বৰাক মুক্তি দিয়ক আদি ধ্বনিৰে পৰিস্থিতি উত্তাল কৰি তোলে ৷ আনহাতে জিলা কংগ্ৰেছৰ সভাপতি বৰকাকতিয়ে কয় যে, বিজেপি চৰকাৰে প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মীৰ হত্যা আৰু যি অত্যাচাৰ চলাইছে ইয়ালৈ কোনো কংগ্ৰেছ কৰ্মীয়ে ভয় নকৰে৷বিজেপিয়ে ৰাজ্যত হিটলাৰী শাসন চলোৱা বুলি উল্লেখ কৰি মৃদুল ইছলামৰ হত্যাৰ বিচাৰ হ’ব লাগিব বুলি উল্লেখ কৰাৰ লগতে কয় যে চোৰ, ডকাইত আৰু ধৰ্ষণকাৰীক ৰেহাই দিয়া এইখন চৰকাৰে এতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক গ্ৰেপ্তাৰ কৰিছে ৷ বিজেপি চৰকাৰে গণতন্ত্ৰক হত্যা কৰিছে বুলি উল্লেখ কৰি বৰকাকতিয়ে বৰাৰ তৎকালীন মুক্তি দাবী কৰি ইয়াৰ অন্যথা কংগ্ৰেছে শোণিতপুৰৰ লগতে ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলিও মন্তব্য কৰে ৷ ইপিনে,সভাপতি বৰাৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত কংগ্ৰেছে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পুত্তলিকাও দাহ কৰে ৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ