শোণিতপুৰ,২১ ডিচেম্বৰ (হি.স.)। ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনত বিৰোধী দলসমূহে একত্ৰিত হ’লেহে ২০২৬লৈকে তৃণমূল পৰ্যায়লৈকে মিত্ৰতা কপকপীয়া হ’ব বুলি মন্তব্য কৰে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে৷তেওঁ আজি তেজপুৰত সংবাদমাধ্যমৰ আগত কয় যে,পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছে কেনেদৰে আৰু ক’ত খেলে খেলক,আমাক ক’ত দিয়ে দিয়ক৷আমাৰ এইক্ষেত্ৰত একোৱেই চৰ্ত নাই৷বিধায়ক গগৈয়ে পুনৰ কয় “মই পঞ্চায়ত নিৰ্বাচনকলৈ চিন্তাই কৰা নাই,মই এতিয়াৰ পৰাই কেৱল ২০২৬ৰ বিধান সভা নিৰ্বাচনৰ কথাহে ভাবিছোঁ৷মোৰ শয়নে সপোনে মাত্ৰ এটাই লক্ষ্য বিজেপিক ২০২৬ত সকলো বিৰোধী দল একত্ৰিত হৈ পৰাভূত কৰিব লাগে৷তাৰ বাবে পঞ্চায়ত নিৰ্বাচনতে সকলো বিৰোধী দল একেলগ হ’ব লাগে৷” বিধায়ক গগৈয়ে আৰু কয় যে,অৰ্জুনে যেনেদৰে চৰাইৰ চকুটোহে দেখিছিল,তেনেদৰে ময়ো এতিয়া ২০২৬ত হিমন্ত বিশ্ব শৰ্মাক সকলো বিৰোধী দলে মিলি চকীত বান্ধি ব্ৰহ্মপুত্ৰত উটুৱাই দিয়াৰহে সপোন দেখিছোঁ৷
ইপিনে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অখিল গগৈয়ে গোৱাল গালি পাৰি থাকিলে মিত্ৰতা কেনেকৈ হ’ব বুলি কৰা মন্তব্য সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গগৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় “আজি মই যিকেইটা কথা কৈছোঁ,তাত মই এটা শব্দও গালি পাৰি কৈছোঁ নেকি৷ মই হৈছো এজন খেতি কৰা মানুহ,গাঁৱৰ মানুহ,শ্ৰমজীৱি মানুহ৷মোৰ কথকেইটা টান হ’ব পাৰে৷মই প্ৰত্যাহ্বান জনাই ক’ব পাৰোঁ মই এতিয়াও যিমান হালবাব পাৰোঁ,মৈ দিব পাৰোঁ,সিমানখিনি ৰাজ্যৰ কোনো এজন ৰাজনীতিকে নোৱাৰে৷আন ৰাজনীতিকে নাঙলৰ ডিলামাৰিদাল জুৱলীৰ ওপৰত বান্ধে নে তলত বান্ধে সেইটো ক’ব পাৰিব নে নোৱাৰে৷নাৰিকলটোৰ খোলাটো প্ৰথমে ভাঙিল’লেহে ভিতৰৰটো খাবলৈ সোৱাদ৷মই এটাই কথা কৈছোঁ যে বিজেপিক আমি হৰুৱাব লাগিব আৰু তাৰ বাবে পঞ্চায়ত নিৰ্বাচনতো আমি একেলগে খেলা ভাল৷
তেতিয়াহে আমাৰ মাজত একতাটো বৃদ্ধি পাব৷এইটো কথাকে যদি মই গালিপৰা বুলি কয় তেনেহলে কেনেকৈ হ’ব৷গোৱাল গালি শব্দটোৰ অৰ্থ অসমীয়া জনা সকলোৱে জানে যে ইয়াৰ অৰ্থ কাৰো নামলৈ গালি পৰাটো নহয়৷কংগ্ৰেছৰ নামলৈ গালিপৰাটো গোৱালগালি নহয়৷” তেওঁ লগতে কয় “কংগ্ৰেছে ২০২১ত আমাক লাঠ মাৰি অকলে নিৰ্বাচন খেলিলে৷লোকসভা নিৰ্বাচনত ১৪খন আসনৰ ১৩খনেই আমি কংগ্ৰেছক এৰি দিলোঁ৷মই নিজেই যোৰহাটত নিৰ্বাচন খেলিম বুলি ভাবিছিলোঁ কিন্তু তেওঁলোকে কোৱাত সেইটোও এৰি দিলোঁ৷উপনিৰ্বাচনত পাঁচটা সমষ্টিতে কংগ্ৰেছে অকলে খেলি আটাইকেইটাতে হাৰিল৷নিৰ্বাচনৰ আগলৈকে কংগ্ৰেছ একেলগে থাকে,নিৰ্বাচনৰ সময়ত কিন্তু তেওঁলোক বেলেগ হৈ যায়৷আমি সৰ্বোচ্চ ত্যাগ কৰিছোঁ৷” ইপিনে অজাপৰ সভাপতি লুৰীণ জ্যোতি গগৈ সন্দৰ্ভত মন্তব্য কৰি অখিল গগৈয়ে কয় “ লুৰীণ মোৰ ভাই৷আপোনালোকে কাজিয়া নলগালে ভাল পাম৷মই লুৰীণক ৰাইজৰ দল আৰু অজাপ একেলগ কৰি ইয়াৰ সভাপতি লুৰীণক হ’বলৈয়ো কৈছোঁ৷এইদুটা দল একেলগ হ’লে অসমত আঞ্চলিক ৰাজনীতিত ইয়াতকৈ আৰু সৰ্বোচ্চ দল কোনো নাথাকে৷ আনকি লাগিলে মই নিজেই নিৰ্বাচন নেখেলোঁ বুলিও কৈছোঁ যাতে কোনেও নাভাবে যে ই আকৌ পিচত খেলিমেলি লগাব বুলি৷”আজি তেজপুৰৰ পাৰ্শ্বৱৰ্তী পিঠাখোৱাস্হিত চন্দ্ৰনাথ শৰ্মা ভৱনত ৰাইজৰ দলৰ এখন যোগদান আৰু কৰ্মীসভাত অংশ লোৱা গগৈয়ে সংবাদমাধ্যমৰ আগত ড° হিমন্ত বিশ্ব শৰ্মাক তুলাধুনা দিয়াৰ লগতে মুখ্যমন্ত্ৰীকো কঠোৰ সমালোচনা কৰে৷
ড° শৰ্মাই ৰাজ্যত একনায়কত্ব চলোৱা বুলি উল্লেখ কৰি গগৈয়ে কয় যে,হিটলাৰৰ দৰে তেওঁ এতিয়া কাকো মুখ খুলিবলৈ নিদিয়ে৷লগৰ কোনো এজন মন্ত্ৰীয়ে এতিয়া সংবাদমাধ্যমৰ আগত মন্তব্য দিব নোৱাৰে৷তেওঁ ইয়াৰ নিৰ্দেশ দিছে৷ফে’চবুকত কবিতা লিখিলে,চৰকাৰৰ বিৰুদ্ধে মাত মাটিলেও গ্ৰেপ্তাৰ কৰে৷কোনেও আন্দোলন কৰিব নোৱাৰে৷দিছপুৰত ৰজা মহাৰজা সকল থাকে বাবে তাত আন্দোলন কৰিলে তেওঁলোকৰ অশান্তি হয় বুলিও কটাক্ষ কৰে গগৈয়ে৷শিৱসাগৰৰ বিধায়কজনে পুনৰ কয় “ হিমন্ত বিশ্বশৰ্মাৰ গালত খৰ হৈছে৷ ইয়াৰ বাবে মলম অখিল গগৈৰ গালত লগাই লাভ নাই৷ চৰকাৰে দুৰ্নীতি কৰিছে, ফেচিস্ট শাসনৰে ৰাইজক টেটুচেপা দিছে গতিকে তাৰবাবে কাজৰঙাত প্ৰতিবাদ কৰি লাভ নাই৷ প্ৰতিবাদ ৰাজভৱন বা জনতা ভৱনতেই কৰিব লগিব৷”গগৈয়ে কয়৷ দেশ তথা ৰাজ্যৰ সামাজিক পৰিকাঠামো বিজেপিয়ে ভাঙি দিয়া বুলি মন্তব্য কৰি গগৈয়ে দলটোৱে ধৰ্ম আৰু বৰ্ণৰ নামত বিভাজনৰ ৰাজনীতি কৰা বুলিও কয়৷ইপিনে ৰাজ্যত নিবনুৱাৰ সংখ্যা পূৰ্বৰ ২৪লাখৰ পৰা ৩২লাখলৈ বৃদ্ধি পোৱা বুলি উল্লেখ কৰি গগৈয়ে লগতে কয় যে,আধাতে পঢ়াশুনা ত্যাগ কৰিবলগীয়া হোৱা ছাত্ৰছাত্ৰীৰ সংখ্যাও ৰাজ্যত যথেষ্ট বৃদ্ধি পাইছে৷তদুপৰি, ৰাজ্যত বিজেপি চৰকাৰৰ দিনত ব্যাপক দুৰ্নীতি হোৱা বুলি উল্লেখ কৰা গগৈয়ে ৰাজ্যত প্ৰসূতীৰ মৃত্যু তথা নৱজাতকৰ মৃত্যুৰ সংখ্যা যথেষ্ট বুলি কয়৷উপযুক্ত খাদ্যৰ অভাৱতে এইদৰে নৱজাতকৰ মৃত্যৰ হাৰ, প্ৰসুতিৰ মৃত্যুৰ ক্ষেত্ৰত অসম শীৰ্ষত থকাৰ কথা উল্লেখ কৰি লগতে কয় যে,চৰকাৰে স্মাৰ্ট মিটাৰৰ নামত লুণ্ঠন চলোৱাটো শীৰ্ষস্হান দখল কৰিছে৷জনমূৰি আয়ৰ ক্ষেত্ৰতো অসম দেশৰ ভিতৰত পিচপৰা বুলি কয় ৰাইজৰ দলৰ সভাপতিজনে৷আনহাতে মন্ত্ৰী অশোক সিংহল বেপাৰীহে বুলি কটাক্ষ কৰা গগৈয়ে,ৰাজ্যত জলসিঞ্চন ব্যৱস্থা একেবাৰে শোচনীয় বুলি মন্তব্য কৰি গগৈয়ে কয় যে বিভাগীয় মন্ত্ৰী সিংহল আচলতে ধনসিঞ্চন মন্ত্ৰীহে৷উপাধীতে বেপাৰী বুলি স্পষ্ট হোৱা মানুহক হিমন্ত বিশ্ব শৰ্মাই হিন্দী ল’বিক সন্তুষ্ট কৰিবলৈহে জলসিঞ্চন মন্ত্ৰী পতা বুলি মন্তব্য কৰি লগতে কয় যে,এইজনে গুৱাহাটীত মাটি দখল,অট্টালিকা নিৰ্মাণ আদি কামহে কৰে৷বিশ্বৰ ভিতৰত এতিয়াও পানীৰ বাবে একমাত্ৰ অসমতে ভেকুলীৰ বিয়া পাতিব লগীয়া হয় বুলিও তেওঁ কয়৷
ইপিনে বিহগুৰিৰ তিনিখৰীয়া আৰু ঝাৰণি অঞ্চলত ব্ৰহ্মপুত্ৰৰ সংহাৰী গৰাখহনীয়া আক্ৰান্ত অঞ্চল ভ্ৰমণ কৰি অখিল গগৈয়ে তেজপুৰৰ দেৱী সিং ঘাটৰ পৰা গাভৰুমুখলৈকে প্ৰায় ১৪কিলোমিটাৰ অংশত শীঘ্ৰেই খহনীয়া প্ৰতিৰোধী আঁচনি ৰূপায়ণৰ দাবী জনাই৷ খহনীয়াক্ৰান্ত অঞ্চল ভ্ৰমণ কৰা গগৈয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰীলৈ খহনীয়াক্ৰান্ত এই অঞ্চল সমূহ ভ্ৰমণ কৰিবলৈ আহ্বান জনাই কয় যে,ইয়াৰে এখন গাঁৱৰ পৰা ২৫টা আৰু আন এখন গাঁৱৰ পৰা ১৮টা পৰিয়ালে খহনীয়াৰ বাবে স্হানান্তৰ হ’ব লগীয়া হৈছে৷এই অঞ্চলত জিঅ’বেগ নতুবা শৈলস্পাৰ আঁচনি ৰূপায়ণ কৰাৰ বাবে দাবী জনাই বিধায়ক গগৈয়ে আৰু কয় যে,অন্যথা এই খহনীয়াই ঐতিহাসিক বিহগুৰি,তেজপুৰ চিকিৎসামহাবিদ্যালয় হাস্পতালৰ উপৰি তেজপুৰৰ প্ৰতিও ভাবুকীৰ সৃষ্টি কৰিছে৷১৪কিলোমিটাৰ অংশৰ খহনীয়া প্ৰতিৰোধ কৰিব নোৱৰা চৰকাৰে খহনীয়া মুক্ত ৰাজ্যৰ কথা কৈ লাভ নাই বুলিও কয় অখিল গগৈয়ে৷
ইপিনে এই অঞ্চলত অব্যাহত বনৰীয়া হাতীৰ উপদ্ৰৱ বন্ধৰ ব্যৱস্থা কৰা তথা ইয়াত বসবাস কৰা অনুসূচিত জাতিৰ লোক তথা মৎস্যজীৱি লোকসকলে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে মাছ মৰাটো বন্ধ কৰি দিয়াৰ বিপৰীতে চৰকাৰক ইয়াৰ অনুমতি দিবলৈ অন্যথা ক্ষতিপূৰণ দিবলৈয়ো গগৈয়ে দাবী জনায়৷
উল্লেখযোগ্য যে আজিৰ সভাত তেজপুৰ তথা জিলাখনৰ আপৰ কেবাজনো নেতা কৰ্মীয়ে ৰাইজৰ দলত যোগদান কৰে৷বিজেপিক ২০২৬ত প্ৰতিহত কৰিবলৈ ৰাইজৰ দলে যোৱা দুমাহধৰি ৰাজ্যজুৰি এনেদৰে যোগদান তথা কৰ্মী সভা অনুষ্ঠিত কৰি সাংগঠনিক ভেটি শক্তিশালী কৰা বুলিও তেওঁ কয়৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ