পৰিধি অতিক্ৰমী আকৌ এবাৰ শীৰ্ষক বিষয়বস্তুৰে ২৪ পৰা ২৬ ডিচেম্বৰলৈ তেজপুৰ সাহিত্য উৎসৱ -২০২৪ 
–সৃষ্টিশীলতাৰ উদযাপনত গল্প কথন ,আলোচনা চক্ৰ ,সাধুকথন ,বিভিন্ন প্ৰতিযোগিতা ,আবেগ উত্তৰণ ,অনুবাদ কৰ্মশালা শীৰ্ষক ব্যতিক্ৰমী কাৰ্যসূচী –পাঠ্যৰ পৰা পৰ্দালৈ :দৃশ্যমান মাধ্যমত সাহিত্য শীৰ্ষক বিষয়ত অংশ ল'ব প্ৰসিদ্ধ চিত্ৰ নিৰ্মাতা উৎপল দত্তই –চিৰন্তন প্ৰ
পৰিধি অতিক্ৰমী আকৌ এবাৰ শীৰ্ষক বিষয়বস্তুৰে ২৪ পৰা ২৬ ডিচেম্বৰলৈ তেজপুৰ সাহিত্য উৎসৱ -২০২৪ 


–সৃষ্টিশীলতাৰ উদযাপনত গল্প কথন ,আলোচনা চক্ৰ ,সাধুকথন ,বিভিন্ন প্ৰতিযোগিতা ,আবেগ উত্তৰণ ,অনুবাদ কৰ্মশালা শীৰ্ষক ব্যতিক্ৰমী কাৰ্যসূচী

–পাঠ্যৰ পৰা পৰ্দালৈ :দৃশ্যমান মাধ্যমত সাহিত্য শীৰ্ষক বিষয়ত অংশ ল'ব প্ৰসিদ্ধ চিত্ৰ নিৰ্মাতা উৎপল দত্তই

–চিৰন্তন প্ৰেমৰ পৃথিৱীত বিচৰণ শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰখ্যাত লেখক দুৰ্জ্জয় দত্তই

শোণিতপুৰ ,২১ ডিচেম্বৰ (হি.স.)। শোণিতপুৰ জিলা প্ৰশাসন আৰু তেজপুৰৰ ৰাইজৰ সহযোগত অহা ২৪ ডিচেম্বৰৰ পৰা ২৭ ডিচেম্বৰলৈ তেজপুৰৰ নেৰিয়ালম প্ৰেক্ষাগৃহত আৰু নেৰিয়ালম প্ৰাংগনত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে পূৰ্বৰ দৰে এইবাৰো প্ৰকৃতিৰ ৰম্যপুৰী ঐতিহ্য মণ্ডিত তেজপুৰত অনুষ্ঠিত হ'ব লগা ‘তেজপুৰ সাহিত্য উৎসৱ-২০২৪’ ৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ পৰিছে। এই সাহিত্য উৎসৱত অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ সাহিত্যিক, কলা-সাহিত্য অনুৰাগীৰ সমাৱেশ ঘটিব।

এইবাৰ ‘পৰিধি অতিক্ৰমি আকৌ এবাৰ’ শীৰ্ষক বিষয় বস্তুৰে আয়োজন কৰা সাহিত্য উৎসৱত সাংস্কৃতিক ঐতিহ্য, সৃষ্টিশীলতাৰ উদযাপন, গল্প কথন, আলোচনা চক্ৰ, কৰ্মশালা, সাধু কথন, বিভিন্ন প্ৰতিযোগিতা, অন্তৰংগ আলোচনা আদি বাৰেবৰণীয়া কাৰ্যসূচীৰ সন্নিৱিষ্ট কৰা হৈছে। ‘তেজপুৰ সাহিত্য উৎসৱ-২০২৪’ ৰ বৰ্ণাঢ্য কাৰ্যসূচী ২৪ ডিচেম্বৰ পুৱা ১০.৩০ - ১২.৩০ বজালৈ শুভাৰম্ভণি অনুষ্ঠান আয়োজিত কৰা হ’ব। এই অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰিব অৱসৰ প্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল তথা সপ্তম অসম ৰাজ্যিক বিত্ত আয়োগৰ অধ্যক্ষ ৰাণা প্ৰতাপ কলিতাই।

উদযাপন সমিতিৰ সভাপতি তথা শোণিতপুৰ জিলাৰ আয়ুক্ত অংকুৰ ভৰালীয়ে আদৰণী ভাষণ প্ৰদান কৰিব লগা এই অনুষ্ঠানতে পৰিৱেশ কৰ্মী তথা প্ৰকৃতিপ্ৰেমী, দৰং মহাবিদ্যালয়ৰ অধ্যাপক হৰেণ মৰাং আৰু সৌৰভ বৰকটকীক বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব । উক্ত দিনাই

দিনৰ ১২.৩৫ - ১ বজালৈ তেজপুৰ সাহিত্য উৎসৱৰ বীজ ভাষণ প্ৰদান কৰিব বিশিষ্ট সাহিত্যিক তথা অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ধ্ৰুৱ হাজৰিকাই । বিয়লি ২.৩০ বজাৰ পৰা ৪ বজালৈ ‘সাহিত্য সৃষ্টি আৰু প্ৰকাশন ক্ষেত্ৰত পৰিধি অতিক্ৰমী’ শীৰ্ষক বিশেষ আলোচনাত

আলোচক হিচাপে অংশ গ্ৰহণ কৰিব ঃ ৰবি সিং, মুখ্য সম্পাদক, স্পীকিং টাইগাৰৰ মুখ্য সম্পাদক ৰবি সিঙৰ লগতে আঁকবাকৰ মুখ্য সম্পাদক সৌমিত্ৰ যোগী, অৰুণাচলৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ যমুনা বিনি, গ্ৰাফিক ঔপন্যাসিক শিশিৰ বসুমতাৰী আৰু বিশিষ্ট ঔপন্যাসিক

ড॰ গুমলাট মাইঅ’ই । উক্ত দিনাই বিয়লি ৪-৩০ বজাৰ পৰা ৫ -৩০ বজালৈ অনুষ্ঠিত হ'ব লগা কথোপকথন শীৰ্ষক আকৰ্ষণীয় অনুষ্ঠানত অংশ গ্ৰহণ কৰিব সাহিত্যিক তথা সুবক্তা শেফালী বৈদ্যই ।

আনহাতে সাহিত্য উৎসৱৰ দ্বিতীয় দিনা অৰ্থাৎ ২৫ ডিচেম্বৰৰ পুৱা ১০.৩০ বজাৰ পৰা ১১.৪৫ বজালৈ পাঠ্যৰ পৰা পৰ্দালৈ : দৃশ্যমান মাধ্যমত সাহিত্য শীৰ্ষক এক মননশীল আলোচনা আয়োজন কৰা হৈছে। এই আলোচনাত আলোচক হিচাপে অংশ গ্ৰহণ কৰিব প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা তথা বিশিষ্ট লেখক উৎপল দত্তৰ লগতে ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেত্ৰী ডা০ জাহানাৰা বেগম আৰু ৰাজ্যিক বঁটা প্ৰাপ্ত চিত্ৰ নিৰ্মাতা, বিশিষ্ট লেখক প্ৰদ্যুৎ ডেকাই । ইফালে পুৱা ১১.৫০ বজাৰ পৰা ১২.৩০ বজালৈ অনুষ্ঠিত হ'ব কবিতা : এক কাব্যিক যাত্ৰাত শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান । এই অনুষ্ঠানত

আলোচক হিচাপে অংশ গ্ৰহণ কৰিব বিশিষ্ট কবি, অনুবাদক ৰবীন নাংগম আৰু বিশিষ্ট কবি তথা অধ্যাপক ড০ হৰিপ্ৰিয়া চৈবাম । উক্ত দিনাই দিনৰ ১২-৩৫ বজাৰ পৰা ২.০০ বজালৈ অনুষ্ঠিত হ'ব ‘অসমীয়া লেখাৰ বিকাশ : সাহিত্য আৰু ভাষাত প্ৰৱণতা আৰু কৌশল’ শীৰ্ষক ধ্ৰুপদী মৰ্যাদা প্ৰসংগৰে এক মনোজ্ঞ আলোচনা । বিশিষ্ট লেখিকা ড০ চাৰু চহৰীয়া নাথৰ সঞ্চালনাত অনুষ্ঠিত হ'ব লগা এই আলোচনাত আলোচক হিচাপে অংশ গ্ৰহণ কৰিব বিশিষ্ট লেখিকা, সমালোচক তথা গুৱাহাটীৰ সন্দিকৈ ছোৱালী কলেজৰ সহযোগী অধ্যাপিকা ড০ পৰী হিলৈদাৰী, সাহিত্য অকাডেমি অনুবাদ সাহিত্য বঁটা প্ৰাপক তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপিকা ড০ জুৰি দত্ত, বিশিষ্ট লেখিকা, সমালোচক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপিকা ড০ অনুৰাধা শৰ্মা, বিশিষ্ট লেখক তথা ৰঙাপৰা মহাবিদ্যালয়ৰ বড়ো বিভাগৰ মুৰব্বী অধ্যাপক প্ৰশান্ত বড়ো আৰু বিশিষ্ট লেখক তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ অৰূপ কুমাৰ নাথ ।

আনহাতে দিনৰ ১২ বজাৰ পৰা বিয়লি ২ বজালৈ গ্ৰন্থ উন্মোচনী সভা।এই সভাত বহুকেইখন গ্ৰন্থ আনুষ্ঠানিক ভাৱে উন্মোচন কৰিব কেবাগৰাকীও বিশিষ্ট সাহিত্যিকে । দিনৰ ১২.৩০ বজাৰ পৰা ২.৩০ বজালৈ শিশু সকলক উদ্দেশ্যি সাধু কথনশীৰ্ষক এক মনোৰম অনুষ্ঠান । এই অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰিব বিশিষ্ট গল্পকাৰ লেখা ৰাই। বিয়লি ৩.৩০ বজাৰ পৰা ৪.৩০ বজালৈ আবেগ উত্তৰণ শীৰ্ষক আন এক ব্যতিক্ৰমী অনুষ্ঠানত অতিথি ৰূপে অংশ গ্ৰহণ কৰিব অৱসৰপ্ৰাপ্ত এন এচ জি কামাণ্ডো কৰ্ণেল , শৌৰ্য চক্ৰ কৌশল কাশ্যপে । বিয়লি ৪.৪০ বজাৰ পৰা ৫ .৩০ বজালৈ চিৰন্তন প্ৰেমৰ পৃথিৱীত বিচৰণ শীৰ্ষক আন এক মনোৰম অনুষ্ঠানত আমন্ত্ৰিত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰিব ৰাষ্ট্ৰীয় পৰ্যায়ত তৰুণ প্ৰজন্মৰ মাজত জনপ্ৰিয় বিশিষ্ট লেখক দুৰ্জয় দত্তই । সন্ধিয়া ৫ -৪০ বজাৰ পৰা ৬-২০ বজালৈ দুৰ্জয় দত্তৰ সৈতে গ্ৰন্থ স্বাক্ষৰ অনুষ্ঠান।

সাহিত্য উৎসৱৰ অন্তিম দিন অৰ্থাৎ ২৬ ডিচেম্বৰৰ পুৱা ১০.৩০ - ১১.৪৫ বজালৈ পৰিবৰ্তনৰ অনুঘটকঃ আৰ্থ-সামাজিক পৰিৱেশৰ অগ্ৰগতি শীৰ্ষক এক মননশীল আলোচনা অনুষ্ঠানত আলোচক হিচাপে অংশ গ্ৰহণ কৰিব নীলম দত্ত, উদ্ভাৱক, ¸ সংৰক্ষণবিদ নীলম দত্ত ,আৰণ্যকৰ মুখ্য কাৰ্যবাহী বিভৱ তালুকদাৰ আৰু উদ্ভাৱক পুষ্পধৰ দাসে। দিনৰ ১২.০০ বজাৰ পৰা ২.৩০ বজালৈ অনুবাদ কৰ্মশালা ত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰিব বিশিষ্ট লেখিকা ,অনুবাদক মিত্ৰা ফুকনে । উক্তদিনা ইয়াৰ সমান্তৰালকৈ পুৱা ১১ বজাৰ পৰা ২.৩০ বজালৈ অনুষ্ঠিত হ'ব লাৱণ্য ভূঞা সোঁৱৰণী প্ৰাইজমানি কুইজ প্ৰতিযোগিতা । ৰাজ্যখনৰ প্ৰখ্যাত কুইজ পৰিচালক ৰবীন কলিতাৰ পৰিচালনাত অনুষ্ঠিত হ'ব লগা এই প্ৰতিযোগিতাত একাদশ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্য্যায়লৈ শিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰিব পাৰিব । বিয়লি ২ বজাৰ পৰা ৪ বজালৈ বহুভাষিক কবিতা-গদ্যৰ অনুষ্ঠান ।

সন্ধিয়া ৪.১৫ বজাৰ পৰা ৫ .১৫ বজালৈ গল্পকথাশীৰ্ষক সুমধুৰ অনুষ্ঠানত আমন্ত্ৰিত অতিথি ৰূপে অংশ গ্ৰহণ কৰিব বিশিষ্ট গল্পকাৰ, সাতসৰী আলোচনীৰ সম্পাদক অতনু ভট্টাচাৰ্য আৰু বৰগীত আৰু ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ বিশিষ্ট কণ্ঠ শিল্পী মিতালী দেই ।

সন্ধিয়া ৫.৩০ বজাৰ পৰা ৭.৩০ বজালৈ শাস্ত্ৰীয় গীত -নৃত্যৰ সামৰণি অনুষ্ঠানত অংশ গ্ৰহণ কৰিব জনপ্ৰিয় চলচ্চিত্ৰ অভিনেতা কপিল বৰাই ।তিনিদিনীয়া এই বৰ্ণাঢ্য আয়োজনত সদাশয় ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে আয়োজক সমিতিয়ে ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande