তেজপুৰত কুইজৰ মহাৰণ জাজমেণ্ট ডে' ২০২৪
শোণিতপুৰ, ২১ ডিচেম্বৰ (হি.স.)। বহু প্ৰতীক্ষিত বাৰ্ষিক কুইজ প্ৰতিযোগিতা জাজমেণ্ট ডে' অহা ২৫ ডিচেম্বৰত তেজপুৰৰ দৰং কলেজত অনুষ্ঠিত হ 'ব। আকৰ্ষণীয় আৰু ব্যতিক্ৰম ফৰ্মেটৰ বাবে পৰিচিত এই কুইজ প্ৰতিযোগিতাখনিয়ে অংশগ্ৰহণকাৰী আৰু কুইজ অনুৰাগীসকলৰ মাজত ধাৰাব
তেজপুৰত কুইজৰ মহাৰণ জাজমেণ্ট ডে' ২০২৪


শোণিতপুৰ, ২১ ডিচেম্বৰ (হি.স.)। বহু প্ৰতীক্ষিত বাৰ্ষিক কুইজ প্ৰতিযোগিতা জাজমেণ্ট ডে' অহা ২৫ ডিচেম্বৰত তেজপুৰৰ দৰং কলেজত অনুষ্ঠিত হ 'ব। আকৰ্ষণীয় আৰু ব্যতিক্ৰম ফৰ্মেটৰ বাবে পৰিচিত এই কুইজ প্ৰতিযোগিতাখনিয়ে অংশগ্ৰহণকাৰী আৰু কুইজ অনুৰাগীসকলৰ মাজত ধাৰাবাহিকভাৱে এক বৌদ্ধিক জিজ্ঞাসাৰ সৃষ্টি কৰি আহিছে।

এই বৰ্ষৰ সংস্কৰণটিত প্ৰতিযোগিতাখন পৰিচালনা কৰিব প্ৰখ্যাত কুইজ পৰিচালক অমৃত প্ৰীতম চেতিয়াই। প্ৰতিযোগিতাখনত বিজয়ী প্ৰতিযোগীসকলৰ বাবে আগবঢ়োৱা হ'ব এলানি নগদ ধন পুৰস্কাৰ--প্ৰথম পুৰস্কাৰঃ ১০,০০০ টকা, দ্বিতীয় পুৰস্কাৰঃ ৭,০০০ টকা আৰু তৃতীয় পুৰস্কাৰঃ ৫,০০০ টকা। তদুপৰি চূড়ান্ত প্ৰতিযোগিতালৈ নিৰ্বাচিত হোৱা আনসকলৰ বাবেও নগদ ধনৰ পুৰস্কাৰ আগবঢ়োৱা হ'ব।

উল্লেখ্য যে ২০২২ চনত প্ৰয়াত পদ্মা বাইলুঙৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে উল্লেখিত কুইজখনে আত্মপ্ৰকাশ কৰিছিল আৰু প্ৰস্তাৱনা বৰ্ষটিত বিদ্যুৎ বিকাশ বাইলুঙে প্ৰতিযোগিতাখন পৰিচালনা কৰিছিল ৷ কুইজ প্ৰতিযোগিতাখন সম্পৰ্কীয় অধিক তথ্যৰ লাভ কৰিবলৈ যোগাযোগৰ বাবে আয়োজকৰ ফালৰ পৰা ৮৬৩৮৪৭৯৪৮৭ নম্বৰটি মুকলি কৰি দিয়া হৈছে।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande