গুৱাহাটী/নতুন দিল্লী, ২০ ডিচেম্বৰ (হি.স.)। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কেন্দ্ৰীয় ব’ৰ্ডৰ বৈঠক শুকুৰবাৰে গভৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ নেতৃত্বত অনুষ্ঠিত হয় । এই বৈঠকৰ সময়ত বৰ্তমানৰ বিশ্বব্যাপী আৰু ঘৰুৱা অৰ্থনৈতিক পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ সময়তে ২০২৩-২৪ বৰ্ষৰ বাবে ভাৰতৰ বেংকিং ধাৰা আৰু অগ্ৰগতিৰ খচৰা প্ৰতিবেদনতো আলোচনা কৰা হয়।
‘এক্স’ পোষ্টত আৰ বি আইয়ে জনোৱা মতে, গভৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ অধ্যক্ষতাত আজি গুৱাহাটীত কেন্দ্ৰীয় পৰিচালনা সমিতিৰ ৬১২ সংখ্যক বৈঠক অনুষ্ঠিত হয়। ব’ৰ্ডে শক্তিকান্ত দাসে বেংকৰ গৱৰ্ণৰৰ কাৰ্যকালত আগবঢ়োৱা বহুমূলীয়া সেৱাৰ শলাগ লয়। গভৰ্ণৰ মালহোত্ৰাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত কেন্দ্ৰীয় ব’ৰ্ডে বিশ্ব আৰু ঘৰুৱা অৰ্থনৈতিক পৰিস্থিতি আৰু দৃষ্টিভংগীৰ পৰ্যালোচনা কৰে।
ব’ৰ্ডে কেন্দ্ৰীয় কাৰ্যালয়ৰ নিৰ্বাচিত বিভাগসমূহৰ কাৰ্যকলাপৰ লগতে ভাৰতত বেংকিংৰ ধাৰা আৰু অগ্ৰগতিৰ খচৰা প্ৰতিবেদন, ২০২৩-২৪ৰ ওপৰত আৰু আলোচনা কৰে। সভাত উপ-গভৰ্ণৰ ড০ মাইকেল দেবাব্ৰত পাত্ৰ, এম ৰাজেশ্বৰ ৰাও, টি ৰবি শংকৰ, স্বামীনাথন জে. আৰু কেন্দ্ৰীয় ব’ৰ্ডৰ আন সঞ্চালক হৈছে সতীশ কে মাৰাথে, ৰেৱতী আয়েৰ, অধ্যাপক শচীন চতুৰ্বেদী, ভেনু শ্ৰীনিবাসন আৰু ড° ৰবীন্দ্ৰ এইচ ঢোলাকিয়াই অংশগ্ৰহণ কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া