মুম্বাই, ২০ ডিচেম্বৰ (হি.স.)। অৰ্থনৈতিক দিশত চাঞ্চল্যকৰ খবৰ। একেৰাহে দ্বিতীয় সপ্তাহৰ বাবে হ্ৰাস পাইছে বৈদেশিক মুদ্ৰাৰ মজুত। ১৩ ডিচেম্বৰত সমাপ্ত হোৱা সপ্তাহটোত দেশখনৰ বৈদেশিক মুদ্ৰাৰ মজুত ১.৯৮৮ বিলিয়ন ডলাৰ হ্ৰাস পাই প্ৰায় ছমাহৰ নিম্নতম ৬৫২.৮৭ বিলিয়ন ডলাৰ হয়।
শুকুৰবাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা তথ্য অনুসৰি ১৩ ডিচেম্বৰত সমাপ্ত হোৱা সপ্তাহটোত বিদেশী মুদ্ৰা ভাণ্ডাৰ ১.৯৮ বিলিয়ন ডলাৰ হ্ৰাস পাই ৬৫২.৮৭ বিলিয়ন ডলাৰ হৈছে। বিগত সপ্তাহত বৈদেশিক মুদ্ৰাৰ মজুত ৩.২৩ বিলিয়ন ডলাৰ হ্ৰাস পাই ৬৫৪.৮৫ বিলিয়ন ডলাৰ হৈছে।
তথ্য অনুসৰি যোৱা সপ্তাহত বৈদেশিক মুদ্ৰাৰ মজুতৰ গুৰুত্বপূৰ্ণ উপাদান বুলি গণ্য কৰা বৈদেশিক মুদ্ৰাৰ সম্পত্তি ৩.০৪ বিলিয়ন ডলাৰ হ্ৰাস পাই ৫৬২.৫৭ বিলিয়ন ডলাৰ হৈছে। কিন্তু এই সময়ছোৱাত সোণৰ মজুতৰ সংৰক্ষিত মূল্য ১.১২ বিলিয়ন ডলাৰ বৃদ্ধি পাই ৬৮.০৫ বিলিয়ন ডলাৰ হয়।
আৰ বি আইৰ তথ্য অনুসৰি স্পেচিয়েল ড্ৰয়িং ৰাইটছ (এছ ডি আৰ) ৩৫ মিলিয়ন ডলাৰ হ্ৰাস পাই ১৭.৯৯ বিলিয়ন ডলাৰ হৈছে। ইয়াৰ বাহিৰেও আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ)ত ভাৰতৰ ৰিজাৰ্ভ ষ্টক ২৭ মিলিয়ন ডলাৰ হ্ৰাস পাই ৪.২৪ বিলিয়ন ডলাৰ হৈছে।
মন কৰিবলগীয়া যে ছেপ্টেম্বৰ মাহত দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত সৰ্বকালৰ সৰ্বোচ্চ ৭০৪.৮৮ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছিল। বিগত কেইসপ্তাহমানৰ পৰা দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত হ্ৰাস পোৱাৰ কাৰণ পুনৰ মূল্যায়নৰ লগতে টকাৰ উঠা-নমা হ্ৰাস কৰিবলৈ আৰ বি আইৰ বৈদেশিক মুদ্ৰাৰ বজাৰত হস্তক্ষেপ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া