নতুন দিল্লী, ৩০ ডিচেম্বৰ (হি.স.)। কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমণে সোমবাৰে ৰাজধানী নতুন দিল্লীত স্বাস্থ্য আৰু শিক্ষা খণ্ডৰ বিশেষজ্ঞ আৰু প্ৰতিনিধিৰ সৈতে ষষ্ঠখন বাজেটৰ পূৰ্বে আলোচনা বৈঠক অনুষ্ঠিত কৰে। বৈঠকত কেন্দ্ৰীয় বাজেট ২০২৫-২৬ৰ প্ৰস্তুতিৰ অংশ হিচাপে স্বাস্থ্য আৰু শিক্ষা খণ্ডৰ প্ৰতিনিধিয়ে সীতাৰমণক কেইবাটাও পৰামৰ্শ আগবঢ়ায়।
বৈঠকৰ অধ্যক্ষতা কৰি সীতাৰমণে স্বাস্থ্য আৰু শিক্ষা খণ্ডৰ বিশেষজ্ঞ আৰু প্ৰতিনিধিৰ পৰা পৰামৰ্শ গ্ৰহণ কৰে। সভাত বিত্ত সচিব, বিনিয়োগ আৰু ৰাজহুৱা সম্পত্তি ব্যৱস্থাপনা বিভাগৰ সচিব, অৰ্থনৈতিক পৰিক্ৰমা বিভাগ আৰু ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব, বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগ তথা স্বাস্থ্য অনুসন্ধান বিভাগৰ সচিবকে ধৰি দেশৰ প্ৰধান অৰ্থনৈতিক উপদেষ্টাসকল উপস্থিত থাকে।
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আগন্তুক ২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট ২০২৫ চনৰ ১ ফেব্ৰুৱাৰীত সংসদত দাখিল কৰিব। বাজেটৰ পূৰ্বে পৰামৰ্শ সভা কেন্দ্ৰীয় বাজেট গঠনৰ লগত জড়িত এক অপৰিহাৰ্য পদক্ষেপ, যিয়ে অৰ্থনৈতিক বৃদ্ধিৰ প্ৰসাৰ ঘটায়। এই সভাসমূহত লাভ কৰা পৰামৰ্শসমূহে বিভিন্ন অংশীদাৰৰ প্ৰয়োজনীয়তা পূৰণ কৰাত সহায় কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া