নতুন দিল্লী, ৩০ ডিচেম্বৰ (হি.স.)। আজি ঘৰুৱা অলংকাৰ বজাৰত নামমাত্ৰ হ্ৰাসৰ ধাৰা দেখা গৈছে। সোণৰ মূল্য দুৰ্বল হোৱাৰ বাবে দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰতে ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭৭,৯৮০ টকাৰ পৰা ৭৭,৮৩০ টকাৰ ভিতৰত ব্যৱসায় কৰা হৈছে। একেদৰে ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৭১,৪৯০ টকাৰ পৰা ৭১,৩৪০ টকাৰ ভিতৰত বিক্ৰী কৰা হৈছে। আজি প্ৰতি কেজি ৰূপৰ মূল্য ৩০০ টকাকৈ দুৰ্বল হৈছে। এই দুৰ্বলতাৰ বাবে দিল্লীৰ অলংকাৰ বজাৰত ইয়াৰ মূল্য প্ৰতি কেজিত ৯২,৩০০ টকাৰ স্তৰত উপনীত হৈছে।
দেশৰ ৰাজধানী দিল্লীত আজি ২৪ কেৰেট সোণৰ মূল্য ৭৭,৯৮০ টকা প্ৰতি ১০ গ্ৰামত বিক্ৰী হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য ৭১,৪৯০ টকা প্ৰতি ১০ গ্ৰামত। একে সময়তে দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৭৭,৮৩০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৭১,৩৪০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ৭৭,৮৮০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭১,৩৯০ টকা ৰেকৰ্ড কৰা হৈছে। এই ডাঙৰ চহৰসমূহৰ উপৰিও আজি চেন্নাইত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৭৭,৮৩০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৭১,৩৪০ টকাত বিক্ৰী কৰা হৈছে। একেদৰে কলকাতাতো ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭৭,৮৩০ টকা আৰু ২২ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭১,৩৪০ টকা।
আজি লক্ষ্ণৌৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৭৭,৯৮০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৭১,৪৯০ টকাৰ স্তৰত বিক্ৰী হৈছে। একে সময়তে পাটনাত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭৭,৮৮০ টকা হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭১,৩৯০ টকাৰ স্তৰত বিক্ৰী হৈছে। একেদৰে জয়পুৰতো ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৭৭,৯৮০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৭১,৪৯০ টকাত বিক্ৰী হৈছে।
দেশৰ অন্যান্য ৰাজ্যৰ দৰে আজিও কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ অলংকাৰ বজাৰত সোণৰ মূল্য হ্ৰাস পাইছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত আজি প্ৰতি ১০ গ্ৰামত ২৪ কেৰেট সোণৰ মূল্য ৭৭,৮৩০ টকা হয়। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত আজি ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৭১,৩৪০ টকাৰ মাত্ৰাত বিক্ৰী কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া