ধেমাজি, ১৩ ডিচেম্বৰ (হি.স.): বহিঃৰাজ্যত কৰ্মসংস্থাপন বিছাৰি গৈ নিৰুদ্দেশ হৈ পৰিছে চিলাপথাৰৰ এগৰাকী যুৱক। সন্ধানহীন যুৱক জন চিলাপথাৰৰ পুৰণা গৰু-বজাৰ পথৰ ৰিংকু চাহ (৩০) বুলি পৰিচয় পোৱা গৈছে।
জানিব পৰা মতে ৰিংকুৱে কিছুদিন পূৰ্বে কৰ্মসংস্থাপন বিছাৰি গৈছিল বহিঃৰাজ্য তামিলনাডুৰ চেন্নাইলৈ। আজি ৭ টা দিনে মাতৃৰ লগত যোগাযোগ বিচ্ছিন্ন হোৱাত চিন্তিত হৈ পৰিছে মাতৃ। অভিযোগ মতে ৰিংকুৰ সহকৰ্মীৰ সৈতে ভাড়া ঘৰত কিবা তৰ্ক হোৱাৰ পাছৰে পৰা মোবাইল ছুইছ অফ হৈ আছে ৰিংকু চাহ'ৰ। ঘটনা সংক্ৰান্তত মাতৃয়ে চিলাপথাৰ থানাত এটি গোচৰ দাখিল কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ