নেপালৰ ভৈৰহাৱা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পুনৰ মুকলি, বেংককলৈ যাত্ৰা মাত্ৰ ৭৫০০ টকাত
কাঠমাণ্ডু, ০৩ নৱেম্বৰ (হি.স.)। নেপালৰ দ্বিতীয়টো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ দেওবাৰৰ পৰা আৰম্ভ হৈছে। ভগৱান গৌতম বুদ্ধৰ জন্মস্থান লুম্বিনীৰ সমীপত নিৰ্মিত গৌতম বুদ্ধ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আজি অৱতৰণ কৰে বেংককলৈ যোৱা প্ৰথমখন বিমান। প্ৰধানমন্ত্ৰী কে
ভৈৰহাৱা বিমানবন্দৰ পুনৰ কাৰ্যক্ষম


কাঠমাণ্ডু, ০৩ নৱেম্বৰ (হি.স.)। নেপালৰ দ্বিতীয়টো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ দেওবাৰৰ পৰা আৰম্ভ হৈছে। ভগৱান গৌতম বুদ্ধৰ জন্মস্থান লুম্বিনীৰ সমীপত নিৰ্মিত গৌতম বুদ্ধ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আজি অৱতৰণ কৰে বেংককলৈ যোৱা প্ৰথমখন বিমান। প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে এই বিমানবন্দৰ পুনৰ কাৰ্যক্ষম হোৱাত আনন্দ প্ৰকাশ কৰিছে। ভৈৰহোৱাৰ দৰে পোখাৰা বিমানবন্দৰৰ নিয়মীয়া কামো শীঘ্ৰে আৰম্ভ হ’ব বুলি আস্থা প্ৰকাশ কৰিছে অলিয়ে।

নিৰ্মাণৰ দুবছৰৰ পাছত পুনৰ কাৰ্যক্ষম হোৱা ভৈৰহাৱা বিমানবন্দৰ দেওবাৰে থাই এয়াৰ এছিয়াৰ বিমান অৱতৰণৰ লগে লগে আৰম্ভ হয়। প্ৰায় এবছৰৰ আগতেও যেতিয়া ভৈৰহাৱা বিমানবন্দৰ প্ৰথমবাৰৰ বাবে চলোৱা হৈছিল, তেতিয়া একেবোৰ বিমান সংস্থাই আৰম্ভ কৰিছিল। বিমানবন্দৰৰ মুখপাত্ৰ বিনোদ সিং ৰাৱটে জানিবলৈ দিয়া মতে যাত্ৰীৰ অভাৱৰ বাবে এয়াৰ এছিয়া আৰু জাজিৰা এয়াৰৰ বিমান সেৱাও বন্ধ হৈ পৰে। ৰাৱটে কয় যে আজি বেংককৰ পৰা থাই এয়াৰ এছিয়াৰ বিমানেৰে এজনো যাত্ৰী অহা নাছিল, আনহাতে ইয়াৰ পৰা মাত্ৰ ১৭ জন যাত্ৰী লৈ বিমানখনে উৰা মাৰিছিল।

ভৈৰহাৱাৰ পৰা বেংককলৈ ভাড়া মাত্ৰ ৭৫০০ ভাৰতীয় টকাহে ৰখা হৈছে। ভাৰতৰ যিকোনো চহৰৰ পৰা বেংককলৈ ভাড়া ১০ হাজাৰৰ পৰা ১৫ হাজাৰ টকালৈকে। এই বিমানবন্দৰটো ভাৰতৰ সীমান্তৱৰ্তী চহৰ ভৈৰহাৱাত অৱস্থিত হোৱাৰ বাবে ভাড়া কম ৰখা হৈছে। উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ পৰা মাত্ৰ এঘণ্টাৰ দূৰত্বত থকা এই বিমানবন্দৰৰ পৰা বেংককলৈ যোৱাৰ ভাড়া ৭৫০০ টকা।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande