হিজবুল্লাহৰ আন এজন শীৰ্ষ সেনাধ্যক্ষ ফাউৰক ধৰাশায়ী কৰা বুলি দাবী ইজৰাইলৰ
বেইৰুট, ০৩ নৱেম্বৰ (হি.স.)। ইজৰাইলে হিজবুল্লাহৰ আন এজন শীৰ্ষ সেনাধ্যক্ষ জাফৰ খাদেৰ ফাউৰৰ মৃত্যু হোৱাৰ দাবী কৰিছে। শনিবাৰে দক্ষিণ লেবাননত হিজবুল্লাহৰ শীৰ্ষ সেনাধ্যক্ষ ফাউৰক ধৰাশায়ী কৰা বুলি সেনাই প্ৰকাশ কৰে। সামৰিক বাহিনীৰ মতে, ইজৰাইলৰ ওপৰত আক্ৰমণৰ ব
ইজৰাইলৰ সেনা বাহিনী (আইডিএফ)ৰ প্ৰতীক


বেইৰুট, ০৩ নৱেম্বৰ (হি.স.)। ইজৰাইলে হিজবুল্লাহৰ আন এজন শীৰ্ষ সেনাধ্যক্ষ জাফৰ খাদেৰ ফাউৰৰ মৃত্যু হোৱাৰ দাবী কৰিছে। শনিবাৰে দক্ষিণ লেবাননত হিজবুল্লাহৰ শীৰ্ষ সেনাধ্যক্ষ ফাউৰক ধৰাশায়ী কৰা বুলি সেনাই প্ৰকাশ কৰে। সামৰিক বাহিনীৰ মতে, ইজৰাইলৰ ওপৰত আক্ৰমণৰ বাবে দায়ী আছিল ফাউৰ।

ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এই কথা নিশ্চিত কৰিছে। আইডিএফৰ তথ্য অনুসৰি ইজৰাইলে দক্ষিণ লেবাননৰ জৈইয়া এলেকাত নাছিৰ ইউনিটৰ মিছাইল আৰু ৰকেট গোটৰ কমাণ্ডাৰ জাফৰ খাদেৰ ফাউৰক ধৰাশায়ী কৰে।

ইজৰাইলৰ ওপৰত ৰকেট আক্ৰমণৰ বাবে জাফৰ ফাউৰ দায়ী আছিল। ইয়াৰ ভিতৰত কিবুট্জ অৰটাল, মাজদাল শ্বামছ আৰু মেটুলাৰ ওপৰত আক্ৰমণো অন্তৰ্ভুক্ত। মাজদল ছামছত ১২ টা শিশু আৰু মেতুলাত ৫ জনকৈ লোক নিহত হৈছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande