ঢাকা, ০৩ নৱেম্বৰ (হি.স.)। শ্বেখ হাছিনা চৰকাৰ উৎখাত হোৱাৰ পিছত বাংলাদেশৰ দুৰ্বল অৱস্থা আৰু ভাৰতৰ সৈতে বাংলাদেশৰ সম্পৰ্কৰ তিক্ততাই তাত থকা পৰ্যটন উদ্যোগত গভীৰ প্ৰভাৱ পেলাইছে। তাত থকা পৰিস্থিতিলৈ চাই বিদেশী পৰ্যটক অহা নাই, তাৰ ওপৰত ভাৰতকে ধৰি বহু দেশে ভিছাৰ নিয়মৰ কঠোৰতাৰ ফলত বিদেশ ভ্ৰমণ কৰা বাংলাদেশী ভ্ৰমণকাৰীৰ সংখ্যা হঠাতে ভয়ংকৰভাৱে হ্ৰাস পাইছে। ইয়াৰ বাবে দেশৰ ট্যুৰ অপাৰেটৰসকলে অতি হতাশ হৈ চৰকাৰক শীঘ্ৰে সমাধান বিচাৰিবলৈ আহ্বান জনাইছে।
বাংলাদেশৰ আগশাৰীৰ কাকত প্ৰথম আলোৱে ১২৩টা আউটবাউণ্ড ট্যুৰ অপাৰেটৰৰ ফ’ৰাম বাংলাদেশ আউটবাউণ্ড ট্যুৰ অপাৰেটৰ ফ’ৰামৰ উদ্ধৃতি দি কয় যে ট্যুৰ অপাৰেটৰৰ ৮০ শতাংশ ব্যৱসায় বিদেশ ভ্ৰমণ কৰা পৰ্যটকৰ পৰাই হয়। ভাৰতত বাংলাদেশীৰ বাবে ভিছা নিষিদ্ধ কৰা হৈছে, যাৰ বাবে পৰ্যটকৰ মাজত আটাইতকৈ ওচৰৰ আৰু জনপ্ৰিয় ভাৰত ভ্ৰমণকাৰীৰ সংখ্যা হঠাতে ভয়ংকৰভাৱে হ্ৰাস পাইছে। ইয়াৰ সমান্তৰালকৈ বাংলাদেশৰ ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আন বহু দেশে ভিছাৰ কঠোৰ নিয়ম অব্যাহত ৰাখিছে। যাৰ বাবে বিমান আৰু পৰ্যটন ব্যৱসায়ত অৱনতি ঘটিছে।
খবৰ পোৱা গৈছে যে বাংলাদেশত চৰকাৰ সলনি হোৱাৰ পাছত ভাৰতে জৰুৰীকালীন চিকিৎসা ভিছাৰ বাহিৰে বাংলাদেশলৈ ভিছা প্ৰদান বন্ধ কৰি দিছে। আনহাতে ইউ এ ইয়েও পৰ্যটন ভিছা প্ৰদান কৰা নাই। থাইলেণ্ড, ছিংগাপুৰ, ইণ্ডোনেছিয়া আৰু ফিলিপাইনছত পলমকৈ ভিছা প্ৰদান কৰা হয়। ইয়াৰ উপৰিও পৰিৱৰ্তিত পৰিস্থিতিৰ বাবে ব্যৱসায়ী আৰু সাধাৰণ যাত্ৰীসকলেও বিদেশ ভ্ৰমণ হ্ৰাস কৰিছে। যাৰ বাবে স্থানীয় পৰ্যটকৰ বিদেশ ভ্ৰমণ ৭৫-৮০ শতাংশ হ্ৰাস পাইছে।
বাংলাদেশৰ পৰা ভাৰতলৈ অহা পৰ্যটকৰ পৰিসংখ্যা দি ক’ব পাৰি যে ২০১৯ চনত বাংলাদেশৰ পৰা ভাৰতলৈ অভিলেখ সৃষ্টি কৰা ২৫.৮ নিযুত পৰ্যটক আহিছিল যদিও ক’ৰোনা মহামাৰীৰ বাবে ই হ্ৰাস পাইছে। ২০২২ চনত আকৌ এবাৰ বৃদ্ধি পাবলৈ আৰম্ভ কৰিলে। ভাৰতীয় পৰ্যটন মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০২২ চনত বাংলাদেশৰ পৰা ১২.৮ লাখ পৰ্যটক ভাৰতলৈ আহিছিল আৰু ইয়াৰে ২২ শতাংশই বিমান পথ ব্যৱহাৰ কৰাৰ বিপৰীতে বাকীসকলে পথেৰে যাত্ৰা কৰিছিল। সেই পৰ্যটকসকলৰ ভিতৰত ৬৪.৮ শতাংশই ভ্ৰমণৰ উদ্দেশ্যে, ২৫.৫ শতাংশ চিকিৎসাৰ বাবে আৰু ৪.৫ শতাংশ ব্যৱসায় আৰু চাকৰিৰ উদ্দেশ্যে ভাৰতলৈ আহিছিল। ২০২৪ চনত মুঠ ২২ লাখ বাংলাদেশীয়ে ভাৰত ভ্ৰমণ কৰিছিল। ২০২৪ চনৰ জানুৱাৰী-জুন মাহত বিভিন্ন দেশৰ পৰা প্ৰায় ৪৭.৮ লাখ পৰ্যটক ভাৰত ভ্ৰমণ কৰিছিল, ইয়াৰে সৰ্বাধিক ২১.৫৫ শতাংশ বাংলাদেশী আছিল।
বাংলাদেশ আউটবাউণ্ড ট্যুৰ অপাৰেটৰছ ফ’ৰামৰ সভাপতি চৌধুৰী হাছনুজ্জামানে জনোৱা মতে, কৰ’না মহামাৰীৰ পাছত পৰ্যটন খণ্ডই অহৰহ নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে। ব্যৱসায়িক পৰিস্থিতি বৰ বেয়া। ভাৰতীয় ভিছা প্ৰক্ৰিয়া কেতিয়া নিয়মীয়া হ’ব কোনেও নাজানে। পৰ্যটন খণ্ডক বচাবলৈ চৰকাৰ আগবাঢ়ি আহিব লাগে বুলিও তেওঁ কয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া