ছাত্ৰনেতা অনিমেষ ভূঞা হত্যাকাণ্ডৰ তিনিটা বৰ্ষ সম্পূৰ্ণ, সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি
আজিও ন'হল অনিমেষৰ স্মৃতিসৌধযোৰহাট, ২৯ নৱেম্বৰ (হি.স.)। যোৰহাট নগৰৰ মাজমজিয়াত নিৰ্মল চাৰিআলিত নিৰ্মম আৰু নিৰ্দয়ভাৱে গণহত্যাৰ বলি হোৱা প্ৰয়াত ছাত্ৰনেতা অনিমেষ ভূঞা হত্যাকাণ্ডৰ আজি তিনিটা বছৰ সম্পূৰ্ণ হ'ল।বৰ্বৰ আক্ৰমণৰ বলি হৈ মৃত্যুবৰণ কৰিছিল ছাত্ৰ
 ছাত্ৰনেতা অনিমেষ ভূঞা হত্যাকাণ্ডৰ তিনিটা বৰ্ষ সম্পূৰ্ণ, সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি


আজিও ন'হল অনিমেষৰ স্মৃতিসৌধযোৰহাট, ২৯ নৱেম্বৰ (হি.স.)। যোৰহাট নগৰৰ মাজমজিয়াত নিৰ্মল চাৰিআলিত নিৰ্মম আৰু নিৰ্দয়ভাৱে গণহত্যাৰ বলি হোৱা প্ৰয়াত ছাত্ৰনেতা অনিমেষ ভূঞা হত্যাকাণ্ডৰ আজি তিনিটা বছৰ সম্পূৰ্ণ হ'ল।বৰ্বৰ আক্ৰমণৰ বলি হৈ মৃত্যুবৰণ কৰিছিল ছাত্ৰ নেতা অনিমেষ ভূঞাই।আজি তৃতীয় মৃত্যুবাৰ্ষিকীত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে।

অনিমেষ ভূঞাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্ত্বি প্ৰজলন আৰু পুষ্পাঞ্জলি অৰ্পন কৰে অভিৱৰ্তন গোস্বামী, অসম সেনাৰ কেন্দ্ৰীয় আহ্বায়ক বিজয় শংকৰ বৰদলৈ,প্ৰয়াত অনিমেষ ভূঞাৰ দুই ভাতৃ প্ৰণয় দত্ত,মৃদুষ্মন্ত বৰুৱা,সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য শংকল্প গগৈৰ লগতে ছাত্ৰ সন্থাৰ বিষয়ববীয়া,ব্যৱসায়ী সকল,বিভিন্ন দল সংগঠন লোকে পুষ্পাঞ্জলি অৰ্পন কৰে।আৰু অনিমেষ ভূঞাৰ বিদেহ আত্মাৰ শান্তি কামনা কৰে।উল্লেখ্য যে ছাত্ৰ সন্থাই বাৰম্বাৰ দাবী জনাই আহিছিল চৰকাৰক যে অনিমেষ হত্যাকাণ্ড সংঘটিত স্থানত অনিমেষৰ এটি স্মৃতিসৌধ স্থাপন হব লাগে।দোষীক কঠোৰ শাস্তি দিব লাগে।অনিমেষৰ ভাতৃৰ এটা সংস্থাপন হব লাগে।কিন্তু সেয়া আজিলৈ হৈ নুঠিল।

মুল দোষী ক'লালৰাক এনকাউন্টাৰৰ ফলত মৃত্যু হয় যদিও এতিয়াও বহুকেইজন দোষী মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে।এতিয়াও জামিন লাভ কৰি দোষী মুকলি আকাশৰ তলত।কিদৰে আছলতে সেই দোষী মুকলি আকাশৰ তলত তাৰ বিৰুদ্ধে ক্ষোভ উজাৰে ছাত্ৰ সন্থাই।আনহাতে চৰকাৰে স্মৃতি সৌধ নিৰ্মাণ আৰু অনিমেষৰ ভাতৃৰ সংস্থাপন কৰি দিয়াৰ প্ৰতিশ্ৰুতি আজিও প্ৰতিশ্ৰুতি হৈয়ে থাকিল।এই কথাত দুখ তথা ক্ষোভ প্ৰকাশ কৰিছে ছাত্ৰ সন্থাৰ বিষয়ববীয়া আৰু অনিমেষৰ পৰিয়ালৰ লোকে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande